সেনা বাহিনীক প্ৰগতিশীল আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্য লৈ উদ্ভৱ নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷ মহাভাৰতৰ যুদ্ধ আৰু অৰ্থশাস্ত্ৰ, বেদ, পুৰাণৰ দৰে প্ৰাচীন গ্ৰন্থসমূহ যুদ্ধবিদ্যাৰ কৌশলগত দিশৰ ওপৰত গঠিত৷ অন্য কোনোৱে নহয় এই মন্তব্য কৰা নাই৷ এই মন্তব্য কৰিছে ভাৰতীয় সেনাপ্ৰধান মনোজ পাণ্ডেই৷
মহাকাব্যিক যুদ্ধ অম্বেষণ
ভাৰকৰ সামৰিক ঐতিহ্যক এক প্ৰগতিশীল শক্তিৰ ৰূপ দিয়াৰ বাবে অনুসন্ধান কৰাৰ চেষ্টাও কৰা হৈছে বুলি জনাইছে সেনা প্ৰধানজনে৷ তেওঁ কয়, ভাৰতীয় সেনাবাহিনীয়ে, ‘মহাভাৰতৰ মহাকাব্যিক যুদ্ধ’ অন্বেষণ কিৰছে আৰু মৌৰ্য, গুপ্ত আৰু মাৰাঠাসকলৰ কৌশলগত উজ্জ্বলতা যিয়ে ভাৰতৰ সমৃদ্ধ সামৰিক ঐতিহ্যক ৰূপ দিছে৷ তাৰ অংশ হিচাপেই এই প্ৰকল্পৰ নাম দিছে ‘উদ্ভৱ’৷
কিয় এই উদ্যোগ লৈছে কেন্দ্ৰই?
মঙলবাৰে ১৮৭০ চনত প্ৰতিষ্ঠিত ভাৰতৰ প্ৰাচীনতম থিংক টেংক, ইউনাইটেড ছাৰ্ভিছ ইনষ্টিটিউছনৰ দ্বাৰা আয়োজিত ভাৰতীয় কৌশলগত সংস্কৃতিত ঐতিহাসিক নিদৰ্শন শীৰ্ষক এক সন্মিলনত বক্তৃতা দিয়াৰ সময়ত এই কথা উল্লেখ কৰিছে সেনাপ্ৰধান মনোজ পাণ্ডেই৷ উল্লেখ্য যে বিগত বছৰত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে আৰম্ভ কৰিছে এই প্ৰকল্প৷ তেওঁ কয়, ‘ভাৰতীয় সেনাবাহিনীত উদ্ভৱ প্ৰকল্পৰ প্ৰধান লক্ষ্য হৈছে মহাভাৰত, বেদ, পুৰাণ, উপনিষদ আৰু অৰ্থশাস্ত্ৰৰ পৰা শিক্ষা লোৱা৷ এই শাস্ত্ৰসমূহত ন্যায়পৰায়ণতা, নৈতিক মূল্যবোধৰ কথা উল্লেখ আছে৷ অচিৰেই এক ৱেবচাইট খুলি এই তথ্যসমূহ সকলোৰে উপলব্ধ হোৱাকৈ মুকলি কৰি দিয়া হ’ব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ