পাৰুপাল্লি কাশ্যপৰ সৈতে ডিভোৰ্ছৰ ঘোষণা ভাৰতৰ বেডমিণ্টন তাৰকা ছাইনা নেহালৰ৷ ২০১৮ চনৰ ১৪ ডিচেম্বৰত বিবাহ হৈছিল ছাইনা আৰু কাশ্যপৰ৷ কাশ্যপো বেডমিণ্টন খেলোৱৈ৷ দেওবাৰে হঠাৎ বিবাহবিচ্ছেদৰ কথা জনাই ছাইনাই৷ ছচিয়েল মিডিয়াত ডিভোৰ্ছৰ খবৰ জনাই ছাইনাই লিখিছে, ‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে৷ বহুত ভাৱি চিন্তিয়েই পাৰুপাল্লি আৰু মই বিচ্ছেদৰ সিদ্ধান্ত লৈছো৷ এজনে আনজনৰ শান্তি বৰ্তাই ৰাখিবলৈ এই পথ বাচি লৈছো৷ বহু স্মৃতি আছে তাৰ বাবে কৃতজ্ঞ৷ আশা কৰো আমি আগুৱাই যাম৷ অত্যধিক একো নালাগে জীৱনটোত৷ আমাৰ গোপনীয়তাক সন্মান জনোৱাৰ বাবে সকলোকে ধন্যবাদ৷’
২০১৮ চনৰ ১৪ ডিচেম্বৰত বিবাহ কৰাইছিল ছাইনা আৰু কাশ্যপে৷ বিবাহৰ পূৰ্বে তিনিবছৰ ধৰি তেওঁলোক প্ৰেমৰ সম্পৰ্কতো আছিল৷ হায়দৰাবাদৰ পুল্লেলা গোপীচন্দৰ একাডেমিত দুজনেই একেলগে ডাঙৰো হৈছে৷ প্ৰশিক্ষণো লৈছে আৰু ভাৰতীয় বেডমিণ্টনত ৰাজত্বও কৰিছে৷ ছাইনাই অলিম্পিকতো ব্ৰঞ্জৰ মেডেল লাভ কৰিছে৷ এসময়ত তেওঁ বিশ্বৰ ১ নম্বৰ খেলুৱৈ আছিল৷ কাশ্যপেও কমনৱেলছ গেমছত সোণৰ পদক জয় কৰা খেলুৱৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















