ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ বেটছমেন শিখৰ ধাৱনে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। শিখৰ ধাৱনৰ ২০১০ চনত টিম ইণ্ডিয়াত অভিষেক ঘটিছিল৷ তেওঁৰ কেৰিয়াৰত টিম ইণ্ডিয়াৰ হৈ মুঠ ৩৪খন টেষ্ট, ১৬৭খন এদিনীয়া আৰু ৬৮খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে। এইকেইখন খেলতেই তেওঁ কেইবাটাও বৃহৎ অভিলেখ গঢ়িছে। শিখৰ ধাৱানে নিজৰ অভিষেক টেষ্ট মেচতে শতক খেলি ইতিহাসৰ সৃষ্টি কৰিছিল। শচীন তেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙৰ পিছতে আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ শিখৰ ধাৱান। এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ ২০০০ আৰু ৩০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক ৰান কৰা বেটছমেন শিখৰ ধাৱান। শিখৰ ধাৱনে গঢ়া অভিলেখসমূহ চাও আহক৷
শিখৰ ধাৱানৰ অভিলেখ
- টেষ্টৰ অভিষেক মেচত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ শিখৰ ধাৱানৰ হাতত আছে, তেওঁ টেষ্টৰ অভিষেক মেচত ৮৫টা বলত শতক অৰ্জন কৰিছিল।
- টেষ্টৰ অভিষেক মেচত শিখৰ ধাৱানে ১৭৪টা বলত ১৮৭ ৰান সংগ্ৰহ কৰে, অভিষেক মেচতেই শিখৰে খেলা সৰ্বাধিক দ্ৰুত ইনিংছ।
- এদিনীয়া খেলত ভাৰতৰ হৈ ২০০০ আৰু ৩০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক ৰান কৰা বেটছমেন শিখৰ ধাৱান।
- বিৰাট কোহলীৰ পিছতে এদিনীয়া খেলত ভাৰতৰ হৈ ৪০০০ আৰু ৫০০০ ৰান সংগ্ৰহ কৰা শিখৰ ধাৱনে দ্বিতীয় সৰ্বাধিক ৰান কৰা বেটছমেন।
- এদিনীয়া খেলত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন শিখৰ ধাৱন।
- আই চি চি চেম্পিয়নছ ট্ৰফীত দুবাৰকৈ গোল্ডেন বেট লাভ কৰা একমাত্ৰ খেলুৱৈ শিখৰ ধাৱান।
- দক্ষিণ আফ্ৰিকাৰ হাছিম আমলা, বিৰাট কোহলী আৰু নিউজিলেণ্ডৰ কেন উইলিয়ামছনৰ পিছত এদিনীয়াত ৬০০০ ৰান সংগ্ৰহ কৰা চতুৰ্থ বেটছমেন শিখৰ ধাৱান।
- এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ ৩০০০ হাজাৰ ৰান সংগ্ৰহ কৰা একমাত্ৰ বেটছমেন শিখৰ ধাৱান।
- ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শিখৰ ধাৱানে সৰ্বাধিক ৬৮৯ ৰান সংগ্ৰহ কৰিছে।
- আই পি এলৰ ইতিহাসত একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ শিখৰ ধাৱন।
- ২০১৩ চনৰ আগষ্ট মাহত শিখৰ ধাৱানে লিষ্ট এ মেচত দ্বিতীয় সৰ্বাধিক স্ক’ৰ লাভ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইণ্ডিয়া এৰ হৈ ১৫০ বলত ২৪৮ ৰান সংগ্ৰহ কৰে।
- শচীন টেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙৰ পিছত আই চি চি চেম্পিয়নছ ট্ৰফী-২০১৩ত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ৰ সন্মান লাভ কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় ধাৱান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















