নিকাহৰ ২৯ বছৰৰ পাছত বিচ্ছেদ এ আৰ ৰহমানৰ, প্ৰথমবাৰলৈ মুখ খুলিলে ৰহমানে
ভাৰতীয় সংগীতক বিশ্বৰ দৰবাৰত অন্যতম কৰি তোলা, সংগীতৰ অস্কাৰ বঁটাৰে সন্মানিত এ আৰ ৰহমানৰ বিবাহ বিচ্ছেদ। নিকাহৰ ২৯ বছৰৰ পাছৰ পত্নীৰ পৰা পৃথক হবলৈ ওলাইছে সংগীত শিল্পী গৰাকীয়ে।
পত্নী চাইৰা বানুৰ পৰা বিচ্ছেদ ৰহমানৰ। ইতিমধ্যে দম্পতিহালে তেঁওলোকৰ প্ৰথম সন্তানৰ বিবাহো সম্পন্ন কৰিছে। সেই জ্যোষ্ঠ কন্যাৰ সম্পূৰ্ণ বোৰ্খা পিন্ধা আৰু সেই কন্যাৰ বিবাহক লৈ বহুতো হৈ চৈ হৈছিল সেই সময়ত।
তেতিয়াৰ পাছত এইবাৰ পিতৃ-মাতৃহালৰ বিচ্ছেদৰ কথা তোলপাৰ লগাইছে। ৰহমান আৰু পত্নী চাইৰাৰ ফালৰ পৰ ৩ টা সন্তান আছে। এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান। পুত্ৰ এ আৰ অমীন আৰু দুই কন্যা ক্ৰমে খতীজা ৰহমান আৰু ৰহীমা ৰহমান।
বিচ্ছেদৰ পাছত প্ৰথমবাৰলৈ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মনৰ কথা ব্যক্ত কৰে। ৰহমানে লিখে- মই বিশ্বাস কৰিছিলো যে আমি দুয়ো ৩০ বছৰ সম্পূৰ্ণ কৰিব পাৰিম। কিন্তু এনে লাগে যে, নেদেখা অন্তলৈ আগবাঢ়ি গৈ আছো। ভাঙি পৰা হৃদয়ৰ পৰা ঈশ্বৰৰ সিংহাসনো কঁপি উঠিব পাৰে। তথাপি আমি এই ভাঙি সিচঁৰিত হৈ পৰা বোৰৰ মাজত অৰ্থ বিচাৰো, যদিওবা ভাঙি পৰা হৃদয় পুনৰ নিজৰ ঠাইত খাপ নাখায়। মোৰ বন্ধু সকল, আপোনালোকৰ মহানুভৱতা আৰু মোৰ ব্যক্তিগত জীৱনৰ কঠিন সময়ক সন্মান কৰা বাবে ধন্যবাদ।
প্ৰাণিধানযোগ্য যে, সংগীতৰ ক্ষেত্ৰ খনত সমগ্ৰ বিশ্বতে নাম থাকিলেও ব্যক্তিগত জীৱন একেবাৰে একান্ত আছিল এ আৰ ৰহমানক। ব্য়ক্তিগত জীৱন কোনোদিনেই লাইম-লাইটলৈ নানিলে ৰহমানে। আনকি সন্তানো আঁতৰত থাকে সংগীতৰ জগতৰ পৰা। সেয়ে এতিয়া ৰহমানৰ এই খবৰো সকলোকে হতবাক কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ