ৰে’ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ’ব পাৰে ১ বছৰৰ কাৰাদণ্ড
ভাৰত বুলিলেই কোটি কোটি লোকৰ দৈনন্দিন যাত্ৰাৰ ব্যৱস্থা ৰে’ল যাত্ৰা। যাৰ বাবে ভাৰতীয় ৰেলৱেক দেশৰ জীৱনৰেখা বুলি কোৱা হয়।
ভাৰতীয় ৰেলৱেই যাত্ৰীসকলৰ বাবে বহু নিয়ম-নীতি বনাইছে। যদি কোনো যাত্ৰীয়ে এই নিয়ম আৰু আইন উলংঘা কৰা দেখা যায় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ৰেলৱেৰ নিয়ম উলংঘা কৰা যাত্ৰীসকলে কেৱল জৰিমনা ভৰিবলগীয়া হোৱাই নহয়, কিছুমান ক্ষেত্ৰত জেললৈও যাবলগীয়া হ’ব পাৰে।
ৰে’ল যাত্ৰীৰ সুৰক্ষাৰ কথা মনত ৰাখি ৰে’লৰ সকলো ডবাত জৰুৰীকালীন এলাৰ্ম চেইন লগোৱা হৈছে। এই জৰুৰীকালীন এলাৰ্ম চেইন যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰি। কিন্তু যদি আপুনি এই জৰুৰীকালীন এলাৰ্ম চেইনটো কোনো কাৰণ নোহোৱাকৈ ব্যৱহাৰ কৰে তেন্তে আপুনিও জেললৈ যাব লাগিব পাৰে।
১৯৮৯ চনৰ ৰেলৱে আইনৰ ১৪১ নং ধাৰাত কোনো যুক্তিসংগত অজুহাত নোহোৱাকৈ জৰুৰীকালীন এলাৰ্ম চেইন টানি দিয়াটো শাস্তিযোগ্য অপৰাধ। এই আইন উলংঘা কৰা সকলক ১০০০ টকা জৰিমনা বা ১ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হব পাৰে। কিছুমান ক্ষেত্ৰত জৰিমনা ভৰিব লাগিব আৰু লগতে জেললৈও যাব লাগিব পাৰে।
জৰুৰীকালীন এলাৰ্ম চেইন কেৱল জৰুৰীকালীন পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি। যাত্ৰাৰ সময়ত চলন্ত ৰে’লত অগ্নিকাণ্ড সংঘটিত হ’লে, কোনো শিশু বা বৃদ্ধ ব্যক্তিয়ে ৰে’লত উঠিব নোৱাৰিলে, যাত্ৰাৰ সময়ত কোনো লোক অসুস্থ হৈ পৰিলে, বা যাত্ৰাৰ সময়ত চুৰি বা ডকাইতি হ’লে চেইন টানিব পাৰি। অন্যথা শাস্তি অনিবাৰ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ