অসম লাইভ ২৪ঃ দুৰ্গাপূজাৰ প্ৰাকক্ষণত অসমৰ বাবে সুখবৰ৷ ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড ২০২১ লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নলবাৰীৰ নাথকুছিৰ সাগৰিকা গোস্বামীয়ে ৷ শিক্ষা, সাহিত্য ৰচনা,সংস্কৃতি, দাৰ্শনিক তত্ব বিষয়ত লাভ কৰা অদ্বিতীয় সফলতাৰ বাবে ‘নটা’ৰ তৰফৰ পৰা সাগৰিকা গোস্বামীলৈ আগবঢ়ায় ‘ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড ২০২১’৷ ২০২১ বৰ্ষত অসমৰ পৰা একমাত্ৰ সাগৰিকা গোস্বামীয়ে লাভ কৰিছে এই বঁটা৷ চাৰি বছৰ বয়সতে সাহিত্য-সংস্কৃতিত খোজ পেলোৱা সাগৰিকা গোস্বামী বৰ্তমান নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী। ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড লাভ কৰা সকলৰ ভিতৰত ভাৰতৰ সৰ্বকনিষ্ঠ সাগৰিকা গোস্বামী৷ শিক্ষা তথা সাহিত্য-সংস্কৃতিত শ্ৰেষ্ঠত্ব অৰ্জন কৰি এই সন্মান লাভেৰে অতি কম বয়সত এই সন্মান লাভেৰে গৌৰৱ কঢ়িয়ালে অসমলৈ । নলবাৰী জিলাৰ ৬২ নং বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত নাথকুছি নিবাসী হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ কন্যা সাগৰিকা গোস্বামীয়ে চলিত বৰ্ষতেই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰাৰ লগতে গোল্ডেন ষ্টাৰ এৱাৰ্ড লাভ কৰি ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। সাহিত্য-সংস্কৃতিৰ লগতে সমানুপাতিকভাৱে শিক্ষাৰ জগতখনত নিজক আগবঢ়াই নিছে সাগৰিকা গোস্বামীয়ে৷ ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱাৰ সপোন সাগৰিকাৰ। লগতে সাহিত্য-সংস্কৃতিৰ জগতখনতো নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিব বুলি জনায় সাগৰিকা গোস্বামীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ