বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল
বিশ্ববাসীক স্তম্ভিত কৰি ভাৰতে অতি শীঘ্ৰেই মুকলি কৰিবলৈ ওলাইছে অতিকে শক্তিশালী তথা অতি দ্ৰুত হাইড্ৰ’জেন ৰে’ল। যি ৰে’লে কোনো ধোঁৱা নিৰ্গত নকৰাকৈ, পৰিৱেশৰ ক্ষতি নকৰাকৈ, বতাহত কেৱল পানীৰ টোপাল এৰি যোৱা দ্ৰুত ৰে’ল সেৱা আৰম্ভ হবলৈ গৈ আছে।
ভাৰতৰ এই সপোন এতিয়া বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। ভাৰতে প্ৰথমখন সবাতোকৈ শক্তিশালী হাইড্ৰজেন ৰে’ল মুকলি কৰিবলৈ সাজু হৈছে যিখন কেৱল প্ৰযুক্তিগত উন্নতিৰ প্ৰতীক হোৱাই নহয় দেশৰ সেউজ ভৱিষ্যতৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপেও প্ৰমাণিত হ’ব।
এই ৰে’লে আধুনিক ভাৰতৰ গতি আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব, যিটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়।
এই ৰে’লখন ২০২৫ চনৰ জুন মাহৰ পাছত ট্ৰেকত চলাৰ সম্ভাৱনা আছে। ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে এই প্ৰকল্পটো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ কামত নিয়োজিত হৈ আছে। ইয়াৰ পূৰ্বে এই ৰে’লখন ২০২৪ চনৰ জুন মাহৰ পূৰ্বে মুকলি কৰাৰ পৰিকল্পনা আছিল যদিও পৰীক্ষাৰ সময়ত কাৰিকৰী সমস্যাৰ বাবে ইয়াৰ তাৰিখ বৃদ্ধি কৰা হৈছে।
২০২৩-২৪ চনৰ বাজেটত ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত এই ৰে’লখন আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। হাইড্ৰজেন ইন্ধনেৰে চলা এই ৰে’লে পৰিৱেশৰ কোনো ক্ষতি নোহোৱাকৈ সেউজ শক্তিৰ নতুন যুগৰ সূচনা কৰিব।
এই ৰেলখনত হাইড্ৰজেন আৰু অক্সিজেন মিহলাই বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হ’ব, যিয়ে ৰে’লখন চলাব। এই ৰেলখনৰ পৰা কেৱল জলীয় বাষ্পহে ওলাব, অৰ্থাৎ ই কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে আৰু পৰিৱেশৰ বাবেও সুৰক্ষিত হ’ব।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মতে ভাৰতৰ এই হাইড্ৰ’জেন ৰে’লখন কেৱল দেশৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেও ঐতিহাসিক হ’ব। এই ৰেলখন হ’ব বিশ্বৰ আটাইতকৈ দীঘল (১০টা ডবা) আৰু শক্তিশালী (২৪০০ কিলোৱাট) হাইড্ৰ’জেন ৰে’ল।
ভাৰতীয় ৰেলৱেৰ নেতৃত্বত চলি থকা এই প্ৰকল্পটো গৱেষণা, ডিজাইন আৰু মানদণ্ড সংস্থা (RDSO)ৰ দ্বাৰা এই ৰেলখনৰ প্ৰযুক্তি আৰু ডিজাইন প্ৰস্তুত কৰা হৈছে। উত্তৰ ৰে’লৱেৰ দিল্লী বিভাগে নিৰ্মাণ কৰি থকা ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল হাৰিয়ানাৰ ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিন্দ-শোনিপাট পথত চলিব।
এই প্ৰকল্পটো সফল কৰিবলৈ ৰে’ল মন্ত্ৰালয়ে ২০২৩-২৪ চনত ২৮০০ কোটি টকা অনুমোদন কৰিছিল। এই ধনেৰে ৩৫খন হাইড্ৰজেন চালিত ৰে’ল নিৰ্মাণ হ’ব, ইয়াৰ ফলত ভাৰতত স্বচ্ছ আৰু পৰিৱেশ অনুকূল ৰে’লৰ সংখ্যা বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ