১৬ ফুট দীঘল অজগৰৰ খাদ্য হ’ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ
ইণ্ডোনেছিয়াৰ পৰা আহিছে এটা আচৰিত খবৰ। এগৰাকী মহিলাক গোটে গোটে গিলি পেলালে এডাল অজগৰে। পিছত গাঁৱৰ মানুহে অজগৰৰ পেট কাটিহে মহিলাগৰাকীৰ নিথৰ মৃতদেহ উলিয়াই আনে। স্থানীয় বিষয়াসকলে শনিবাৰে এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।
দক্ষিণ চুলাৱেছি প্ৰদেশৰ কালেম্পাং গাঁৱৰ মুৰব্বী ছুৱাৰ্দি ৰ’ছিয়ে কয় যে চাৰিটা সন্তানৰ মাতৃ ফাৰিদা বৃহস্পতিবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল। কামলৈ বুলি ওলাই গৈ ঘৰলৈ উভতি নাহে নিশালৈ।
পিছত মহিলাগৰাকীৰ স্বামী আৰু গাঁৱৰ মানুহে বহু বিচাৰ খোচাৰ কৰিয়ো কতো কোনো সন্ধান লাভ নকৰে মহিলাগৰাকী সন্দৰ্ভত। শেষত তালাচীৰ সময়ত মহিলাগৰাকীৰ স্বামীয়ে পত্নীয়ে ব্যৱহাৰ কৰা কিছু সামগ্ৰী উদ্ধাৰ কৰে জংঘলৰ ভিতৰত, যাৰ বাবে এক অন্য চিন্তাইহে পৰিয়ালটোক জুমুৰি দি ধৰে।
যেতিয়া গাঁৱৰ ৰাইজে অঞ্চলটো অন্বেষণ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া এডাল ১৬ ফুট দীঘল পেট ফুলি থকা অজগৰ প্ৰত্যক্ষ কৰে। গাঁৱৰ মুখীয়ালে আলোচনা কৰি আজগৰৰ পেট কাটিবলৈ সন্মত হয়।
পাছত যেতিয়া অজগৰৰ পেটটো কাটিবলৈ আৰম্ভ কৰাৰ লগে লগে ৪৫ বছৰীয়া মহিলা ফৰিদাৰ শৰীৰৰ কিছু অংশ দেখা পোৱা যায়। ইয়াৰ পিছত অজগৰৰ পেটৰ ভিতৰত সম্পূৰ্ণ কাপোৰ পিন্ধি থকা অৱশ্যে কিছু গলিবলৈ ধৰা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।
অজগৰে মানুহক গিলি পেলোৱাৰ এনে ঘটনা অতি বিৰল বুলি গণ্য কৰা হয় যদিও শেহতীয়া কেইটামান বছৰত ইণ্ডোনেছিয়াত কেইবাজনো লোকৰ এইদৰে মৃত্যু হৈছে।
বিগত বৰ্ষত দক্ষিণ-পূব চুলাৱেছিৰ টিনাংগিয়া জিলাৰ বাসিন্দাসকলে গাঁওখনৰ এজন কৃষকৰ মৃতদেহ উদ্ধাৰ কৰিছিল আঠ মিটাৰ দৈৰ্ঘ্যৰ অজগৰ এডালৰ পৰা। ২০১৮ চনত দক্ষিণ-পূব চুলাৱেছিৰ মুনা চহৰত এগৰাকী ৫৪ বছৰীয়া মহিলা পাইথনৰ বলি হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ