আজি গুৱাহাটীত অনুষ্ঠিত হ’ব IPL মেচ। সন্ধিয়া ৭ঃ৩০বজাত বৰ্ষাপাৰা ষ্টেডিয়ামত নামিব RR vs CSK। ঘৰুৱা খেলপথাৰত অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ খেল চাবলৈ আগ্ৰহী অনুৰাগী। ইফালে ৰুতুৰাজ গাইকৱাদৰ নেতৃত্ব চেন্নাই চুপাৰ কিংছৰ খেল চাবলৈ লগতে ধোনীৰ অনুৰাগীসকলো আনন্দত আত্মহাৰা হৈ আছে। যদিও শাৰিৰীক অসুস্থতাৰ বাবে ধোনীয়ে মেচ নেখেলে, তথাপিও CSK ৰ সৈতে অনুৰাগীৰ আবেগ জড়িত হৈ আছে।
পিছে ইমান আগ্ৰহেৰে বাট চাই থকা খেলখন অনুৰাগীয়ে চাব পাৰিব নে নোৱাৰে, তাকে যথেষ্ঠ চিন্তা বাঢ়িছে ক্ৰিকেট অনুৰাগীৰ। কিয়নো আজি পুৱাৰে পৰা গুৱাহাটীত আহি আছে নেৰানেপেৰা বৰষুণ। ফলত গুৱাহাটীৰ ভিন্ন স্থান পানীৰে উপচি পৰিছে আৰু বৃদ্ধি পাইছে যান-জঁট। যদি সন্ধিয়ালৈ এই বৰষুণ কমি নাযায়, তেন্তে ক্ৰিকেট অনুৰাগীৰ আশাত চেচাঁপানী পৰিব।
উল্লেখ্য যে, এতিয়াও BCCI বা অসম ক্ৰিকেট সন্থাৰ পৰা কোনোধৰণৰ আপডেট অহা নাই খেল বাতিলকলৈ। আজি সন্ধিয়া ৭ঃ৩০ বজাত বৰ্ষাপাৰা ষ্টেডিয়ামত RR vs CSK ৰ খেল অনুষ্ঠিত হয় নে নহয়, সেয়া হ’ব লক্ষণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















