• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

9 minutes ago
বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

31 minutes ago
কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

2 hours ago
কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

2 hours ago
কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

3 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

12 hours ago
বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

12 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

একেৰাহে চতুৰ্থ দিনৰ বাবে হ্ৰাস সোণৰ মূল্য, এয়াই গহনা ক্ৰয়ৰ উচিত সময় নেকি?

13 hours ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

শনিদেৱে দূৰ কৰিব বিপদ, মাত্ৰ পুৱাই কৰক এই কাম!

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

দুৰ্ঘটনাক লৈ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সঁচাকৈয়ে আহিব নেকি অশুভ সময়?

13 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৫ ৰাশিৰ? ধন-সম্পত্তি, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে যাব জানক

শনিৰ কৃপাত ভাগ্য উজলিব ৫ ৰাশিৰ? ধন-সম্পত্তি, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে যাব জানক

14 hours ago
পুনৰ বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য, ইংগিত দিলে Airtel ৰ মুৰব্বী

পুনৰ বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য, ইংগিত দিলে Airtel ৰ মুৰব্বী

14 hours ago
ৰাখে হৰি মাৰে কোনে! নিথৰ মাতৃৰ কোলাই ৰক্ষা কৰিলে দেৱশিশুক

ৰাখে হৰি মাৰে কোনে! নিথৰ মাতৃৰ কোলাই ৰক্ষা কৰিলে দেৱশিশুক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

সাধাৰণ লোকে কিয় চলাইছে বাহনত তালাচী?

editor by editor
November 14, 2026
in অপৰাধ, অসম, লেখা
0
৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঁচশ টকাৰ হাজিৰা পালেই আৰক্ষীৰ দৰে দায়িত্ব পালন কৰিব পাৰি নেকি? সাধাৰণ লোকক আৰক্ষীৰ তালাচী চকীত নিয়োজিত কৰাৰ অনুমতি কোনে দিলে? আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ পথত বাহন ৰখাই তালাচী চলোৱা এই লোকসকল প্ৰকৃততে কোন? কাছাৰৰ বালাচৰা টোলগেটৰ এক দৃশ্যই এতিয়া এনে বহু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন কৰিছে।

বৰখলা আৰক্ষী থানাৰ অন্তৰ্গত বালাচৰা চেকগেটত আৰক্ষীৰ নাকা চেকিঙৰ কামত নিয়োজিত হৈ আছে তিনিজনকৈ সাধাৰণ লোক। অভিযোগ অনুসৰি, এই লোককেইজনে প্ৰতিদিনে শ্বিফ্টিং পদ্ধতিৰে আৰক্ষীৰ দৰে দায়িত্ব পালন কৰি আহিছে। আচৰিত কথাটো হ’ল, এই কামৰ বিনিময়ত প্ৰতিজন লোকে লাভ কৰে পাঁচশ টকাৰ হাজিৰা। আৰক্ষীয়ে যিদৰে বাহন ৰখাবলৈ সংকেত দিয়ে, ঠিক সেইদৰেই এই সাধাৰণ লোককেইজনেও পথত চলাচল কৰা বাহন ৰখাই নাকা চেকিঙৰ কাম কৰি থকা দেখা গৈছে।

কেমেৰাৰ সন্মুখত লোককেইজনে দাবী কৰে যে বৰখলা আৰক্ষীয়েই তেওঁলোকক এই কামত নিয়োজিত কৰিছে। এই দাবীয়ে এতিয়া সমগ্ৰ ঘটনাটোক অধিক ৰহস্যজনক কৰি তুলিছে। প্ৰশ্ন উঠিছে, আৰক্ষীৰ নাকা চেকিঙৰ দৰে এক গুৰুত্বপূৰ্ণ দায়িত্বত সাধাৰণ লোকক নিয়োজিত কৰাৰ অনুমতি কোনে প্ৰদান কৰিলে? আৰক্ষীৰ লোকৰ অভাৱৰ বাবেই যদি এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তেন্তে চৰকাৰীভাৱে আৰক্ষীৰ কনিষ্টবল অথবা বেটেলিয়ন নিয়োগ কৰাৰ পৰিৱৰ্তে অস্থায়ী শ্ৰমিকৰ দ্বাৰা নাকা চেকিঙৰ কাম কৰোৱাটো কিমানদূৰ গ্ৰহণযোগ্য?

ইফালে, এই চেকগেটক লৈ আন এক গুৰুতৰ অভিযোগো উত্থাপন হৈছে। অভিযোগ অনুসৰি, এই শ্ৰমিকসকলৰ জৰিয়তে চিণ্ডিকেটৰ বাহন পাৰ কৰোৱা হয়। কেঁচা তামোলকে ধৰি বিভিন্ন সামগ্ৰী কোনো বাধা নোহোৱাকৈ চেকগেট পাৰ হৈ যোৱাৰ অভিযোগ কৰিছে একাংশই। অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা আনুষ্ঠানিক তদন্তৰ জৰিয়তেহে নিশ্চিত কৰিব পৰা যাব।

আৰক্ষীৰ চকুৰ সন্মুখতে যদি এনে কাৰ্যকলাপ চলি আছে, তেন্তে এতিয়ালৈকে কিয় গ্ৰহণ কৰা হোৱা নাই কঠোৰ ব্যৱস্থা? আৰক্ষীৰ নামত সাধাৰণ লোকক নিয়োজিত কৰি কোনে চলাইছে এই ব্যৱস্থা? এই সমগ্ৰ ঘটনাই কাছাৰ আৰক্ষীৰ কৰ্তব্যনিষ্ঠা, দায়িত্ববোধ আৰু তদাৰকী ব্যৱস্থাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে।

বিশেষকৈ কাছাৰ আৰক্ষীলৈ ৰাইজৰ প্ৰশ্ন—বালাচৰা চেকগেটত সাধাৰণ লোকৰ দ্বাৰা নাকা চেকিঙৰ বিষয়টো আৰক্ষী প্ৰশাসনৰ জ্ঞাত নে? যদি জ্ঞাত, তেন্তে এনে ব্যৱস্থা কেনেকৈ চলি আছে? আৰু যদি আৰক্ষী প্ৰশাসন এই বিষয়ে অজ্ঞাত, তেন্তে অধীনস্থ চেকগেটসমূহত কেনেদৰে চলিছে তদাৰকী?

পাঁচশ টকাৰ হাজিৰাত আৰক্ষীৰ দায়িত্ব পালন, নে আৰক্ষীৰ নামত গঢ় লৈ উঠিছে কোনো বৃহৎ দালাল চক্ৰ? বালাচৰা চেকগেটৰ এই ঘটনাই এতিয়া বহু গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত সত্য পোহৰলৈ অনাৰ লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। আৰক্ষীৰ দায়িত্ব আৰক্ষীয়েই পালন কৰিব লাগে, নে পাঁচশ টকাৰ হাজিৰাত নিয়োজিত সাধাৰণ লোকৰ হাতত অৰ্পণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ দায়িত্ব? এতিয়া সকলোৰে দৃষ্টি আৰক্ষী প্ৰশাসনৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!
অসম

কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

November 14, 2026
কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?
অসম

কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

November 14, 2026
কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

November 14, 2026
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

November 13, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.