বলীউডৰ জনপ্ৰিয় অভিনেতা নানা পাটেকাৰৰ হৃদৰোগত আক্ৰান্ত হৈ মৃ*ত্যু হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত তেওঁৰ এটা পুৰণি ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত অভিনেতাগৰাকীয়ে ‘নটসম্ৰাট’ নামৰ নাটকখনৰ সৈতে সৈতে জড়িত এক আশ্চৰ্যজনক বিষয়ৰ কথা উল্লেখ কৰিছিল। তেওঁ কৈছিল যে ‘নটসম্ৰাট’ নাটকখনত অভিনয় কৰা বহুকেইগৰাকী অভিনেতাৰেই পিছত হৃদৰোগত মৃ*ত্যু হৈছিল। পিছলৈ একেই নামেৰে মাৰাঠী ভাষাত এখন ছবিও নিৰ্মাণ হৈছিল। নানা পাটেকাৰে ‘নটসম্ৰাট’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অভিনয়ে ছবিখনক বিশেষ জনপ্ৰিয়তা প্ৰদান কৰিছিল। আশ্চৰ্যকৰভাৱে হৃদক্ৰিয়া বন্ধ হৈয়ে নানা পাটেকাৰেও শেষ নিশ্বাস ত্যাগ কৰে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পুৰণি ভিডিঅ’টো ABP Mazaa-ত সম্প্ৰচাৰিত হৈছিল। ভিডিঅ’টোত নানা পাটেকাৰে কৈছিল যে তেওঁক যেতিয়া ‘নটসম্ৰাট’ত অভিনয়ৰ প্ৰস্তাৱ দিয়া হৈছিল, তেতিয়া তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। তেওঁৰ মতে, মঞ্চত ‘নটসম্ৰাট’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ এজন অভিনেতাই নিজৰ জীৱনটোৱেই চৰিত্ৰটোৰ মাজত সোমাই দিবলগীয়া হয়। সেয়েহে তেওঁ নাটকৰ পৰিৱৰ্তে ছবিখনত অভিনয় কৰাৰ সিদ্ধান্ত লৈছিল। নানা পাটেকাৰে সেই সময়ত কৈছিল যে ‘নটসম্ৰাট’ত অভিনয় কৰা ড° শ্ৰীৰাম লাগু, দত্ত ভট্ট, চন্দ্ৰকান্ত গোখলে আদি অভিনেতাৰ মৃ*ত্যু হৃদৰোগত হৈছিল।
নানা পাটেকাৰ নিজৰ মৃ*ত্যুৰ বিষয়েও বহু সময়ত মুকলিকৈ এই কথা কৈছিল। ২০২৩ চনত ‘দ্য ভেকচিন ৱাৰ’ ছবিৰ প্ৰচাৰৰ সময়ত তেওঁ AAJ TAKৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে মানুহৰ জীৱনৰ শেষ অৱশ্যম্ভাৱী আৰু তেওঁ নিজৰ শেষকৃত্যৰ বাবেও আগতীয়াকৈ সাজু কৰি ৰাখিছে। নানা পাটেকাৰে ধেমেলীয়া সুৰত কৈছিল যে তেওঁৰ শেষ সম্পত্তি হ’ব মাত্ৰ কেইডালমান খৰি। তেওঁ ইতিমধ্যে শুকান খৰি ৰাখি থৈছে আৰু মৃ*ত্যুৰ পাছত সেই খৰিৰেই যেন তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়, সেই কথাও কৈছিল। নানা পাটেকাৰে লগতে কৈছিল যে খৰি ভিজা হ’লে যথেষ্ট ধোঁৱা ওলাব আৰু সেই ধোঁৱাৰ বাবে শেষকৃত্যত উপস্থিত লোকসকলৰ চকুৰ পৰা পানী ওলাব। তেতিয়া তেওঁ ধেমেলীয়াকৈ কৈছিল যে তেওঁ যাতে সেই সময়ত এই ভুলটো নুবুজে যে মানুহে তেওঁৰ মৃ*ত্যুত কান্দিছে। তেওঁৰ এই কথাবোৰে অভিনেতাগৰাকীৰ জীৱন আৰু মৃ*ত্যুৰ প্ৰতি থকা এক ব্যতিক্ৰমী দৃষ্টিভংগী প্ৰকাশ কৰিছিল।
প্ৰকাশিত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৫.২০ বজাত নানা পাটেকাৰক মৃ*ত ঘোষণা কৰা হয়। ইয়াৰ কিছু সময় পূৰ্বে, প্ৰায় ২.৩০ বজাৰ পৰা তেওঁ অসুস্থ অনুভৱ কৰিছিল। জানিব পৰা মতে, তেওঁ নিশা প্ৰায় ২.৩০ বজাত এজন বন্ধুলৈ বাৰ্তা প্ৰেৰণ কৰি নিজৰ অসুস্থতাৰ কথা জনাইছিল। পাছত পুৱা প্ৰায় ৪.৩০ বজাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে প্ৰায় ৪৫ মিনিট ধৰি CPR কৰি তেওঁক পুনৰ জীৱনলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰে যদিও তেওঁক বচাব পৰা নগ’ল।
নানা পাটেকাৰৰ মৃ*ত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে। তেওঁৰ অভিনয়, শক্তিশালী সংলাপ আৰু অনন্য অভিনয়শৈলীৰ বাবে তেওঁ দৰ্শকৰ মাজত সদায় স্মৰণীয় হৈ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















