অসম লাইভ২৪ঃ আপুনি ক্ৰয় কৰা ঔষধবিধ আচল নে নকল কেনেকৈ জানিব? কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে প্ৰায় ৩০০ ঔষধৰ ওপৰত কিউআৰ কোড লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত ১ আগষ্ট ২০২৩ৰ পৰা কাৰ্যকৰী হ’ব।
এই কোড টো লগোৱাটো বাধ্যতামূলক হ’ব
ভাৰতৰ ড্ৰাগছ কণ্ট্ৰোল জেনেৰেলে ফাৰ্মা কোম্পানীবোৰক ঔষধৰ ওপৰত কিউআৰ কোড বা বাৰ কোড লগোৱাৰ কঠোৰ নিৰ্দেশ দিছে কেন্দ্ৰই। এই কোড ৰখাটো সকলোৰে বাবে বাধ্যতামূলক। এই কোড স্কেন কৰি, যিকোনো ব্যৱহাৰকাৰীয়ে ঔষধটোৰ নিৰ্মাণ আৰু ম্যাদ উকলি যোৱা তাৰিখৰ বিষয়ে সবিশেষ লাভ কৰিব।
ভুৱা ঔষধৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা
কেন্দ্ৰীয় চৰকাৰে দেশত বৃদ্ধি হোৱা ভুৱা ঔষধৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ এই পন্থা হাতত লৈছে। বিগত বৰ্ষৰ নৱেম্বৰ মাহতে এই পদক্ষেপ লোৱাৰ কথা অৱগত কৰিছিল কেন্দ্ৰীয় চৰকাৰে।
ঔষধ আৰু প্ৰসাধন আইন ১৯৪০ৰ সংশোধন
চৰকাৰে ঔষধ আৰু প্ৰসাধন আইন ১৯৪০ৰ সংশোধন কৰিছে আৰু ইয়াৰ জৰিয়তে, ফাৰ্মাচিউটিকেল কোম্পানীবোৰে তেওঁলোকৰ ব্ৰেণ্ডত এইচ2/কিউআৰ কোড স্থাপন কৰাটো বাধ্যতামূলক কৰিছে।
কোনবোৰ ঔষধত কিউআৰ কোড থাকিব?
৩০০টা ঔষধৰ ব্ৰেণ্ডত লগোৱা হ’ব কিউআৰ কোড। এই ঔষধসমূহৰ ভিতৰত আছে এলেগ্ৰা, শ্বেলকেল, কেলপোল, ড’ল আৰু মেফটেলৰ দৰে ঔষধৰ ওপৰত লগোৱা হ’ব এই কিউআৰ কোড। ডি চি জি আইয়ে ফাৰ্মাচিউটিকেল কোম্পানীবোৰক নিৰ্দেশ দিছে যে, কোড বা কিউআৰ কোড নলগালে জৰিমনা বিহিব কেন্দ্ৰই।
কিউআৰ কোডৰ পৰা কি লাভালাভ হ’ব?
কিউআৰ কোডৰ জৰিয়তে, ঔষধটোৰ সঠিক আৰু জেনেৰিক নাম, ব্ৰেণ্ড নাম, নিৰ্মাতাৰ নাম আৰু ঠিকনা, বেচ নম্বৰ, নিৰ্মাণ তাৰিখ, ঔষধৰ ম্যাদ উকলি যোৱা তাৰিখ আৰু নিৰ্মাতাৰ অনুজ্ঞা নম্বৰ লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ