অসম লাইভ২৪ঃ বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ডাবল চেঞ্চুৰী কৰিলে ঈশান কিষানে। ৰোহিত শৰ্মাৰ পৰিবৰ্তে এই মেচত অপেনাৰ হিচাপে নামিছিল ঈশান। প্ৰথম মেচতেই সুযোগৰ সদব্যৱহাৰ কৰি সকলোৰে দৃষ্টি কাঢ়িলে ঈশানে। ২১০ ৰান কৰি আউট হয় ঈশান। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ৰেকৰ্ড আছিল ৰোহিত শৰ্মাৰ। ৰোহিতে শ্ৰীলংকাৰ বিৰুদ্ধে হোৱা মেচত ২৬৮ ৰান কৰিবলৈ সক্ষম হৈছিল।
শেহতীয়াভাৱে চট্টগ্ৰামত অনুষ্ঠিত বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ইতিহাস ৰচিলে ঈশানে। বিস্ফোৰক বেটিঙেৰে ডাবল চেঞ্চুৰী কোবাই ঈশানে। খেলখনত ঈশানে ২৩ টা বাউণ্ডেৰী আৰু ৯ টা ছিক্স কোবাই। এদিনীয়া ক্ৰিকেটত ডাবল চেঞ্চুৰী কৰা ঈশান চতুৰ্থজন ভাৰতীয় বেটাৰ। ইয়াৰপূৰ্বে ৰোহিত শৰ্মা, শচিন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগে এই ৰেকৰ্ড গঢ়িছিল।
১২৬ টা বলত এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ঈশানে। মুঠ ১৩১ টা বলত ২৪ টা বাউণ্ডেৰী আৰু ১০ টা ছিক্স কোবাইছে ঈশানে। অৱশেষত তাছকিন আহমেদৰ বলত আউট হয় ঈশান। দ্বিতীয় এদিনীয়া মেচত বাওঁ হাতৰ বুঢ়া আঙুলিত আঘাত পোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা অপেনাৰ ৰোহিত শৰ্মাই খেলত তৃতীয় এদিনীয়াত ভাগ ল’ব পৰা নাছিল। তেওঁ ইতিমধ্যেই চিকিৎসাৰ বাবে মুম্বাইলৈ যাত্ৰা কৰিছে।
ৰোহিত উপস্থিত নথকাৰ বাবে তৃতীয় এদিনীয়াত অপেনাৰ হিচাপে নামিছিল ঈশান কিষান। ৰোহিতৰ অনুপস্থিতিত কে এল ৰাহুলে টছ কৰাৰ সময়ত জনায় যে ৰোহিতৰ ঠাইত অপেনাৰ হিচাপে ঈশান কিষান থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ