দুলীপ ট্ৰফীৰ ফাইনেলত বেটিঙেৰে চমক সৃষ্টি কৰিলে ঈশান কিষাণে। ইষ্ট জ’নৰ অধিনায়কগৰাকীয়ে দক্ষিণ জ’নৰ বিৰুদ্ধে খেলখনত দুৰ্দান্ত বেটিং কৰি ২৫০ ৰান সংগ্ৰহ কৰে। ৩০১টা বলৰ সন্মুখীন হৈ তেওঁ ৭টা ছয় আৰু ২৭টা চাৰিৰে এই ইনিংছটো সজায়।

কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল—ঈশান কিষাণ আউট হোৱা নাছিল, তথাপিও ২৫০ ৰানতে খেলপথাৰ এৰি যায়। আচলতে গৰম আৰু অত্যধিক আৰ্দ্ৰতাৰ বাবে তেওঁৰ শৰীৰ অসুস্থ অনুভৱ হৈছিল। প্ৰচুৰ ঘাম ওলোৱাৰ লগতে ২৫০ ৰান সম্পূৰ্ণ কৰাৰ পাছত তেওঁৰ মূৰ ঘূৰোৱাৰ দৰে অনুভৱ হয়। পৰিস্থিতি দেখি লগে লগে ফিজিঅ’ক খেলপথাৰলৈ মাতি অনা হয় আৰু ঈশানে ‘ৰিটায়াৰ্ড হাৰ্ট’ লোৱাৰ সিদ্ধান্ত লয়।

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত গৰম আৰু আৰ্দ্ৰতা যথেষ্ট বেছি আছিল। এই পৰিৱেশত দীঘলীয়া সময় বেটিং কৰাৰ ফলত ঈশান কিছু অসুবিধাত পৰে। ইয়াৰ পূৰ্বে ঈশানে অতি আক্ৰমণাত্মক বেটিং কৰিছিল। ৭১ টা বলত অৰ্ধশতক আৰু ১১৮টা বলত শতক সম্পূৰ্ণ কৰে। খেলৰ দ্বিতীয় দিনা ২০৪ টা বলত ১৫০ ৰান আৰু ২৭০টা বলত দ্বিশতক সম্পূৰ্ণ কৰে। তাৰ পিছত ৩০০ টা বলত ২৫০ ৰানৰ সীমা স্পৰ্শ কৰে।
এই দুৰ্দান্ত ইনিংছৰ জৰিয়তে ঈশান কিষাণে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়।
দুলীপ ট্ৰফীৰ ফাইনেলত দ্বিশতক অৰ্জন কৰা প্ৰথমজন ইষ্ট জ’নৰ অধিনায়ক হৈছে ঈশান।
ফাইনেলত দ্বিশতক অৰ্জন কৰা প্ৰথমজন উইকেটকীপাৰ হিচাপেও ঈশানৰ ৰেকৰ্ড।
প্ৰায় ৩১ বছৰৰ পাছত ইষ্ট জ’নৰ কোনো খেলুৱৈয়ে দুলীপ ট্ৰফীত দ্বিশতক অৰ্জন কৰিলে।
দুলীপ ট্ৰফীত নিজৰ প্ৰথম শতককেই দ্বিশতকলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হয় ঈশান।
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এয়া ঈশান কিষাণৰ দশম শতকীয় ইনিংছ।
প্ৰায় ১০ বছৰৰ পাছত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত পুনৰ দ্বিশতকৰ কৃতিত্ব অৰ্জন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















