অসম লাইভ২৪ঃ ব্লেক হোল বা কৃষ্ণগহ্বৰ বিচাৰি মহাকাশলৈ যাত্ৰা কৰিছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ ছেটেলাইট এক্সপোছেট। এয়া ভাৰতৰ প্ৰথম এক্স ৰে পোলাৰিমিটাৰ ছেটেলাইট। বিশ্বৰ ভিতৰত এয়া দ্বিতীয় এক্সৰে পোলাৰিমিটাৰ ছেটেলাইট। এই ধৰণৰ কৃত্ৰিম উপগ্ৰহ ইয়াৰ পূৰ্বে মহাকাশলৈ পঠিয়াইছে কেৱল নাছাই। মহাকাশ কৃষ্ণগহ্বৰৰ সন্ধান আৰু পৰ্যবেক্ষণ কৰিব এই ছেটেলাইট। ইয়াৰোপৰি উজ্জ্বলতম ৫০টা শক্তিৰ উৎস পৰ্যবেক্ষণ কৰিব এই একপছেট ছেটেলাইটে। মহাকাশৰ নিউট্ৰন ষ্টাৰসমূহো এই কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে অধ্যয়ন কৰিব বিজ্ঞানীয়ে।
বছৰৰ প্রথম দিনটোক এই কামৰ বাবে বাছি লৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। সোমবাৰে পুৱা ৯ বাজি ১০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেছ ৰিচাৰ্ছ চেণ্টাৰৰ পৰা পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল বা পিএছএলভিৰ পিঠিত উঠি যাত্ৰা আৰম্ভ কৰিছে এক্সপছেটে। পিএছএলভিৰ এয়া ৬০তম মহাকাশ যাত্ৰা। ইছৰোৰ তৰফৰ পৰা এক্স হেণ্ডেলত পোষ্ট কৰি এই সাফল্যৰ কথা জনাইছে। এক্সপছেটক পৃথিৱীৰ পৰা ৬৫০ কিঃমিঃ দূৰৈত স্থাপন কৰিব ইছৰোই।
মহাকাশত এই কৃত্ৰিম উপগ্ৰহৰ আয়ুস হৈছে ৫বছৰ। পৃথিৱীৰ ওপৰত একেবাৰে তলৰ কক্ষপথত প্ৰদক্ষিণ কৰিব এক্সপোছেটে। ভূমিৰ পৰা ইয়াৰ সৰ্বোচ্চ উচ্চতা হৈছে ৫০০ৰ পৰা ৭০০ কিঃমিঃ। এক্সপোছেটত আছে দুটাকৈ পেলোড। পোলিক্স( পোলাৰিমিটাৰ ইনষ্ট্ৰুমেণ্ট ইন এক্স ৰে) আৰু এক্সস্পেক্ট(এক্স ৰে স্পেকট্ৰোস্কোপি এণ্ড টাইমিং) ৰমন ৰিচাৰ্ছ ইনষ্টিটিউট আৰু ইউআৰ ৰাও ছেটেলাইট চেণ্টাৰে যৌথভাৱে এই পেলোড তৈয়াৰ কৰিছে।
মহাকাশত এক্স ৰশ্মিৰ উৎস বিচাৰিব এক্সপোছেটে। ইয়াৰ মাধ্যমেৰে কৃষ্ণগহ্বৰ সম্পৰ্কে গৱেষণাৰ নতুন দিশা পাব পাৰে ইছৰোই। কৃষ্ণগহ্বৰৰ উপস্থিতি, সন্ধান, উৎস, প্ৰভৃতি নানান তথ্য বিচাৰি উলিয়াব এই ছেটেলাইটে। মহাকাশত যেতিয়া কোনো তৰাৰ মৃত্যু হয় ইয়াৰ অৰ্থ হৈছে কোনো নক্ষত্ৰ ধ্বংস হোৱা। এইদৰে নক্ষত্ৰ ধ্বংস হ’লেই সৃষ্টি হয় কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰ। বিশ্বব্ৰহ্মাণ্ডত সৰ্বোচ্চ মহাকৰ্ষীয় বলৰ অধিকাৰী ব্লেক হোল। ইয়াৰোপৰি বহু নিউট্ৰন কণা গাঢ় ঘনত্বত একত্ৰিত হৈ তৈয়াৰ হোৱা তৰাৰ নাম নিউট্ৰন ষ্টাৰ। এই ধৰণৰ নক্ষত্ৰ অত্যন্ত ক্ষুদ্ৰ আকাৰৰ হয়। এনে ধৰণৰ নিউট্ৰন ষ্টাৰৰ ব্যাসাৰ্ধ ৩০ কিঃমিঃ তকৈ বেছি নহয়। সেই নক্ষত্ৰসমূহ পৰ্যবেক্ষণ কৰিব এক্সপোছেটে। এই মিছনত ২৫০ কোটি টকা খৰচ কৰিছে ইছৰোয়ে।
ইছৰো চেয়াৰমেন এছ সোমনাথে এই সন্দৰ্ভত কয়, ‘আৰু এটা সাফল্য আমি লাভ কৰিবলৈ সক্ষম হৈছো। পি এছ এল ভিৰ পৰা এই সাফল্য লাভ কৰিছো। এক্সপোছেট ছেটেলাইটক নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা হৈছে। আমাৰ সন্মুখত আৰু এক উত্তেজনাময় সময়ে অপেক্ষা কৰি আছে। নতুন বছৰ আৰম্ভ হ’ল। এই বছৰ আমাৰ হাতত বহু প্ৰকল্প আছে। ২০২৪ চনতেই আমি পঠিওৱা সূৰ্যযানেও নিৰ্দিষ্ট স্থানত গৈ উপস্থিত হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















