বৰ্তমান ধনু ৰাশিত অৱস্থান কৰিছে সূৰ্যই৷ জানুৱাৰী মাহত বুধে ধনু ৰাশিত গোচৰ কৰিব৷ বুধ আৰু সূৰ্যৰ মিলনত ২০২৫ চনৰ প্ৰথম মাহতেই ধনু ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ জ্যোতিষ অনুসৰি এয়া এক অত্যন্ত শুভ যোগ৷ বছৰৰ প্ৰথম মাহতেই এই ৰাজযোগৰ প্ৰভাৱত সকলো কামত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷ জ্যোতিষ গণনাই কৈছে জানুৱাৰী ২০২৫ত আৰ্থিকভাৱে লাভজনক হ’ব পাঁচ ৰাশিৰ জাতকৰ বাবে৷ জানি থওক জানুৱাৰীত কাৰ কাৰ ভাগ্য খুলিব?
বৃষ ৰাশি
বছৰৰ প্ৰথম মাহত মনৰ সকলো ইচ্ছা পূৰণ হ’ব বৃষ ৰাশিৰ জাতকৰ৷ জানুৱাৰীত আপুনি জীৱনৰ সকলো ক্ষেত্ৰতেই উন্নতি কৰিব পাৰিব৷ আগন্তুক মাহত সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব আপোনাৰ৷ নিজৰ মধুৰ কথা আৰু ব্যৱহাৰেৰে বহুতৰে মন জয় কৰিব পাৰিব৷ বিদেশত যিসকলে ব্যৱসায় কৰি আছে তেওঁলোক আৰ্থিকভাৱে লাভৱান হ’ব৷
কৰ্কট ৰাশি
২০২৫ চনৰ প্ৰথম মাহত দুৰ্দান্তভাৱে লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ নিজৰ সময় আৰু এনাৰ্জি সঠিক কামত ব্যৱহাৰ কৰিব পাৰিব৷ নিজৰ লক্ষ্যৰ প্ৰতি দৃষ্টি স্থিৰ ৰাখি সেই দিশত আগুৱাই যাব কৰ্কট ৰাশিৰ জাতক৷ মাহৰ দ্বিতীয়াৰ্ধত ঘৰৰ ভিতৰত আৰু বাহিৰচ সকলো সমস্যাৰ সমাধান পাব আপুনি৷ অফিচত ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক ভাল হ’ব আপোনাৰ৷
কন্যা ৰাশি
বছৰৰ প্ৰথম মাহত জীৱনত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব কন্যা ৰাশিৰ জাতকে৷ জানুৱাৰীৰ আৰম্ভণিতেই অফিচত কোনো ডাঙৰ কামত দায়িত্ব বা পদ পাব পাৰে আপুনি৷ কৰ্মহীনসকলে নিজৰ পছন্দৰ চাকৰি পাব পাৰে৷ পৰিয়াল আৰু বন্ধুৰ পৰা সকলো ধৰণৰ সাহায্য পাব পাৰে৷ কোনো শুভ অনুষ্ঠানত যোগ দিয়াৰ সুযোগ পাব৷
তুলা ৰাশি
জানুৱাৰী ২০২৫ত সকলো ধৰণৰ সুখ সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ ছাত্ৰছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল কৰি চাকৰি পাব পাৰে৷ কোনো বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ ৰৈ থকা সকলো কাম সম্পূৰ্ণ হ’ব৷ আগন্তুক মাহত দীৰ্ঘম্যাদি বিনিয়োগ আপোনাৰ বাবে লাভজনক হ’ব৷ স্বল্পম্যাদি বিনিয়োগ এই সময়ত নকৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ