ভৱিষ্যদ্বাণী – পুনৰ ঘূৰি আহিব পাৰে কৰ’না মহামাৰী
২০২০ চনত বিধ্বংসী ৰূপ ধাৰণ কৰা কৰণা মহামাৰী হয়তো আকৌ এবাৰ উভতি আহিব পাৰে। পুনৰ মানুহৰ মাজত সংক্ৰমণ হব পাৰে Covid-19ৰ। আকৌ এবাৰ বিয়পিব কৰণা মহামাৰী।
এই ভৱিষ্যদ্বাণী কৰিছে জাপানৰ বাবা ভাংগা নামেৰে বিখ্যাত লেখক ৰিঅ’ তাটছুকিয়ে। আনকি ২০২০ চনতো ৰিঅ’ই ক’ৰ’না মহামাৰীৰ বিষয়ে এটা ভৱিষ্যদ্বাণী কৰিছিল, যিটো সঁচা বুলি প্ৰমাণিত হৈছিল।
জাপান টুডেৰ তথ্য অনুসৰি তেওঁ ১৯৯৯ চনত The Future As I See It নামৰ এখন কমিক তৈয়াৰ কৰিছিল, য’ত ২০২০ চনত সমগ্ৰ বিশ্বতে বিধ্বংসী ভাইৰাছৰ ভৱিষ্যদ্বাণী কৰা হৈছিল।
কৰ’না ভাইৰাছৰ উত্থানৰ বিষয়ে তেওঁৰ ভৱিষ্যদ্বাণী শুদ্ধ আছিল যদিও কোন বছৰত ই শিখৰত উপনীত হ’ব সেয়া স্পষ্ট কৰা নাছিল যদিও ক’ৰ’না মহামাৰীৰ আটাইতকৈ মাৰাত্মক ঘটনা ২০২১ চনত সংঘটিত হৈছিল, য’ত ডেল্টা ভিন্নতাৰ বাবে বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছিল। বিশেষকৈ কৰ’না ভাইৰাছৰ সম্পৰ্কত আগন্তুক বছৰবোৰৰ ভৱিষ্যদ্বাণীও কৰিছে তাটছুকিয়ে।
তাটছুকিৰ ভৱিষ্যদ্বাণী অনুসৰি ২০৩০ চনত পুনৰ Corona মহামাৰীৰ উত্থান ঘটিব। তাটছুকিয়ে একেখন কমিকতে লিখিছে যে ইয়াৰ পিছত ই নোহোৱা হৈ যাব, কিন্তু প্ৰায় ১০ বছৰৰ পিছত পুনৰ আবিৰ্ভাৱ হ’ব। এনে পৰিস্থিতিত ২০৩০ চনত পুনৰ Corona বিয়পি পৰাৰ আশংকা আছে।
জাপানৰ বাবা ভাংগা খ্যাত তাটছুকিয়ে ৰাজকুমাৰী ডায়েনা আৰু সংগীতজ্ঞ ফ্ৰেডী মাৰ্কিউৰীৰ মৃত্যুৰ ভৱিষ্যদ্বাণীও কৰিছিল। জানিব পৰা অনুসৰি তেওঁ টোপনিতে দেখা কথাবোৰ ৰেকৰ্ড কৰিছিল, যি পাছলৈ সঁচা বুলি প্ৰমাণিত হৈ আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















