অসম লাইভ২৪ঃ পিতৃ হ’ল ভাৰতীয় পেছ বলাৰ জছপ্ৰীত বুমৰাহ। টিম ইণ্ডিয়াৰ স্পিডষ্টাৰ জছপ্ৰীত বুমৰাহৰ জীৱনলৈ আহিল এগৰাকী পুত্ৰ সন্তান। সোমবাৰে অৰ্থাৎ ৪ ছেপ্টেম্বৰৰ পুৱাই এই ভাল খবৰ টুইটযোগে শ্বেয়াৰ কৰিছে বুমৰাহে। বুমৰাহে টুইটযোগে নৱজাতকৰ নামো উল্লেখ কৰিছে। বুমৰাহে সন্তানটোৰ নাম দিছে অংগদ জছপ্ৰীত বুমৰাহ। এছিয়া কাপ চলি থকাৰ মাজতেই ভাল খবৰটো আহিছে জছপ্ৰীতৰ জীৱনলৈ। সোমবাৰে নেপালৰ বিৰুদ্ধে খেলত নামিছে ভাৰতীয় ক্ৰিকেট দল।
জছপ্ৰীত আৰু সঞ্জন বিবাহপাশত আৱদ্ধ হৈছিল ২০২১ চনত। বিবাহৰ পূৰ্বে কেইবাবছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল। ক্ৰিকেটৰ ক্ষেত্ৰখনত জছপ্ৰীতৰ পত্নী সঞ্জনা গণেশনো যথেষ্ট পৰিচিত নাম। তেওঁ ক্ৰিকেট মেছৰ প্ৰেজেণ্টাৰ হিচাপে বিভিন্ন সম্প্ৰচাৰ সংস্থাৰ হৈ কাম কৰি আহিছে। অন্তসত্ত্বা হৈ থকাৰ সময়ত তেওঁ এই ক্ষেত্ৰখনৰ পৰা কিছুদিন ধৰি আঁতৰি আছিল। সঞ্জনাই এই ভাল খবৰটো শ্বেয়াৰ কৰি লিখিছে, ‘আমাৰ সৰু পৰিয়ালটো ডাঙৰ হ’ল। আমাৰ হৃদয়ৰ পৰিধিও কিছু ডাঙৰ হৈছে। ইশ্বৰে আমাক আশা কৰাতকৈয়ো বেছি দিছে। আজি পুৱাই আমাৰ সন্তান অংগদ জছপ্ৰীত বুমৰাহক আমি স্বাগতম জনাইছো।’ ইয়াৰোপৰি তেওঁ লিখিছে, ‘আমি দুয়ো খুব সুখী। আমাৰ জীৱনত অংগদে নতুন অধ্যায়ৰ সূচনা কৰিবলৈ আহিছে।’
https://twitter.com/Jaspritbumrah93/status/1698559874811228220?s=20
উল্লেখ্য যে, দেওবাৰে শ্ৰী লংকাৰ পৰা দেশলৈ আহিছে জছপ্ৰীত। এছিয়া কাপৰ ব্যস্ততাৰ মাজতেই হঠাৎ দেশলৈ ঘুৰি অহাত বহুতেই বহুধৰণে চৰ্চাও চলাইছিল। এই পৰিস্থিতিত কেইবাজনো ভাৰতীয় ক্ৰিকেট সমৰ্থকে সমালোচনাও কৰিছিল জছপ্ৰীতক। হঠাৎ কিয় খেলৰ মাজৰ পৰা এনেকৈ ওভতি আহিছে জছপ্ৰীত বুলি বহুতেই সামাজিক মাধ্যমত প্ৰশ্নও উত্থাপন কৰিছিল। জছপ্ৰীতে নিৰৱতা অৱলম্বন কৰি শেষত ভাল খবৰটো দিলে। পুৱাই এই খবৰটো দিয়াৰ পিছতেই তেওঁ জনাই যে আজি অনুষ্ঠিত হ’বলগীয়া নেপাল আৰু ভাৰতৰ মেচত তেওঁ উপস্থিত থাকিব নোৱাৰিব। বুমৰাহৰ অনুপস্থিতিত এই মেচত মহম্মদ ছামীয়ে ভাৰতীয় দলটোৰ হৈ খেলিব বুলি আশা প্ৰকাশ কৰিছে বহুজনেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ