ভংগ বহু বছৰৰ পুৰণি ৰেকৰ্ড, কপিল দেৱক পিছ পেলাই আগবাঢ়িল বুমৰাহ
অষ্ট্ৰেলিয়াৰ মাটিত এতিয়া সৰ্বাধিক সফল ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে যশপ্ৰীত বুমৰাহ । বুধবাৰে মহান ক্ৰিকেটাৰ কপিল দেৱৰ অষ্ট্ৰেলিয়াৰ মাটিত ৫১টা উইকেটৰ ৰেকৰ্ড ভংগ কৰি বুমৰাহে এতিয়া ৫২টা উইকেট দখল কৰিছে।
ব্রিজবেনৰ গাবাত পঞ্চম দিনত দ্বিতীয় ইনিংছত মাৰ্নাছ লাবুশ্বাগনক(Marnus Labuschagne) আউট কৰি এই মাইলৰ খুঁটিত উপনীত হয় বেগী বলাৰগৰাকীয়ে।
অষ্ট্ৰেলিয়াত এতিয়ালৈকে খেলা ১০খন টেষ্টত বুমৰাহৰ নামত ৫২টা উইকেট আছে , আনহাতে কপিল দেৱে অষ্ট্ৰেলিয়াৰ মাটিত খেলা ১১খন টেষ্টত ৫১টা উইকেটৰে নিজৰ কেৰিয়াৰ সমাপ্ত কৰে। যাৰ ফলত এতিয়া কপিল দেৱৰ তুলনাত আগবাঢ়িছে বুমৰাহৰ সফলতা।
অষ্ট্ৰেলিয়াত ভাৰতৰ হৈ সৰ্বাধিক টেষ্ট উইকেট
যশপ্ৰীত বুমৰাহ – ৫২
কপিল দেৱ – ৫১
অনিল কুম্বলে – ৪৯
ৰবিচন্দ্ৰন অশ্বিন – ৪০
বিষাণ সিং বেদী – ৩৫
উল্লেখ্য যে, এই শীৰ্ষ ৫ খেলুৱৈৰ ভিতৰত বৰ্তমানে কেৱল বুমৰাহেই ক্ৰিকেট খেলি আছে। অন্য কেউজনে ইতিমধ্যে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। আজি ৰবিচন্দ্ৰন অশ্বিনেও অৱসৰ ঘোষণা কৰে। আনহাতে বিষাণ সিং বেদীয়ে ২০২৩ চনত ইহ সংসাৰৰ পৰা বিদায় মাগে।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা টেষ্ট মেচত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত অষ্ট্ৰেলিয়াৰ স্পিনাৰ নাথান লায়নে আগবাঢ়ি আছে। ৩৭ বছৰীয়া স্পিনাৰগৰাকীয়ে ১৮খন টেষ্টত ৬৩টা উইকেট লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















