অসম লাইভ২৪ঃ
আহি আছে যতীন বৰাৰ NRC Scam 2019
এইবাৰ ৱেবচিৰিজ লৈ আহি আছে অভিনেতা যতীন বৰা।
অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিত শৰ্মা স্ক্ৰীপ্ট NRC Scam 2019 যতীন বৰাৰ প্ৰথমখন ৱেবচিৰিজ।
NRC Scam 2019 ৱেব চিৰিজে NRCৰ দুৰ্নীতি কেলেংকাৰীৰ মুখা খুলিব বুলিও দাবী কৰিছে চিৰিজৰ লেখকে।
প্ৰাক্তন NRC ৰাজ্যিক সম্বন্বয়ক প্ৰতীক হাজেলাই সংঘটিত কৰা কেলেংকাৰী উন্মোচিত কৰাই লক্ষ্য এই চিৰিজৰ।
এই ৱেবচিৰিজৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব যতীন বৰাই।
এই ৱেবচিৰিজত অভিনয় কৰিব মৈত্ৰেয়ী গোস্বামী, বিভূতি বিকাশ চৌধুৰীকে ধৰি কেইবাগৰাকীও অভিনেতাই।
প্ৰায় ৯ লাখ টকা ব্যয়েৰে চিৰিজখন নিৰ্মাণ হ’ব বুলিও জনাইছে প্ৰযোজকে।
RED চিনেমা নামৰ OTT প্লেটফৰ্মত মুক্তিলাভ কৰিব চিৰিজখনে।
২৫ এপ্ৰিল আৰু ২৬ এপ্ৰিলত অটিটি প্লেটফৰ্মত মুক্তি পাব NRC Scam 2019
চিলেটি আৰু অসমীয়া ভাষাত নিৰ্মাণ হ’ব ৱেব চিৰিজ NRC Scam 2019
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ