অসম লাইভ ২৪ঃ দুয়োখন হাতত নোহোৱা স্বত্বেও কোভিড ভেকচিন গ্ৰহণ কৰি চৰ্চাত ঝাৰখণ্ডৰ গোলচন লোহাৰ। সাহস আৰু বিচক্ষণতাৰ বাবে এতিয়া সকলোৰে প্ৰেৰণা হৈ পৰিছে গোলচন লোহাৰ। গোলচন লোহাৰে ভৰিত লৈছে কোভিড প্ৰতিষেধক। সকলোকে ভেকচিন গ্ৰহণ কৰিবলৈও আহ্বান জনায় ব্যক্তিগৰাকীয়ে। বৰ্তমানো দেশৰ প্ৰায় ২০ শতাংশ লোকে গ্ৰহণ কৰা নাই কোভিড ভেকচিন। কোভিড ভেকচিনক লৈ সময়ে সময়ে বিভিন্ন উৰা বাতৰি প্ৰচাৰ হৈ আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত অধিকাংশ লোকে ভাইৰাচৰ পৰিৱৰ্তে ভেকচিনৰ পৰা অধিক সমস্যা হ’ব বুলি গ্ৰহণ কৰা নাই কোভিড ভেকচিন। এনে সময়তে চৰ্চালৈ আহিছে ঝাৰখণ্ডৰ এইগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি। ঝাৰখণ্ডৰ চাইবাচাৰ গোলচন লোহাৰে ভৰিত কোভিড ভেকচিন গ্ৰহণ কৰা দেখি স্বাস্থ্যকৰ্মীকে ধৰি উপস্থিত সকলোৱে প্ৰশংসা কৰিছে। মঙলবাৰে ভেকচিন গ্ৰহণ কৰে ব্যক্তিগৰাকীয়ে। ভেকচিন লোৱাৰ পাছত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই বুলি উল্লেখ কৰিছে গোলচন লোহাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ