তেওঁ দেশৰ প্ৰধানমন্ত্ৰী৷ কিন্তু নিজকে চাইৱালা বুলি পৰিচয় দিবলৈ কণমানো কুণ্ঠাবোধ তেওঁ নকৰে৷ চাইৱালাৰ পৰিচয় হেৰুৱাব নোখোজা প্ৰধানমন্ত্ৰীজনৰ মুখত আকৌ এবাৰ শুনা গ’ল চাহৰ কথা৷ সোমবাৰে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ‘ঝুমইৰ বিনন্দিনি’ অনুষ্ঠানত অংশলৈ প্ৰধানমন্ত্ৰীয়ে আকৌ জনালে চাহ বিক্ৰি কৰাৰ কথা৷
সোমবাৰে বিয়লিৰ ভাগত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান৷ তাৰপৰাই পোনে পোনে ঝুমইৰ বিনন্দিনি অনুষ্ঠানত ভাগ ল’বলৈ সৰুসজাইত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী৷ দুদিনীয়া ভ্ৰমণেৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে আজি অৰ্থাৎ মঙলবাৰে ‘এডভাণ্টেজ অসম ২.০ উদ্বোধন কৰিব৷
ইফালে সোমবাৰে ঝুমইৰ বিনন্দিনি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণে দখল কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম৷ ৯ হাজাৰ নাচনীয়ে প্ৰদৰ্শন কৰা এই লোকনৃত্য দেখি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী মোদী৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদিবাসী সম্প্ৰদায়ৰ এই লোকনৃত্যক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাক তেওঁ অভিবাদনো জনায়৷ অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া ঐতিহাসিক যাত্ৰাক পৰিষ্ফুত কৰি তুলিবলৈকে এই অনুষ্ঠান আয়োজন কৰিছে অসম চৰকাৰে৷
এই অনুষ্ঠানত ভাগ লৈ মোদীও আৱেগিক হৈ পৰে৷ কাৰণ চাহৰ সৈতে তেওঁৰো আছে খুবেই পুৰণি এক সম্পৰ্ক৷ সেয়ে অনুষ্ঠানত চাহ বিক্ৰি কৰাৰ কথা আকৌ এবাৰ নিজমুখেৰেই কয় প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি অসমত এক নতুন উত্তেজনা দেখা পাইছো৷ আজি যিসকলে অনুষ্ঠান পৰিবেশন কৰিব তেওঁলোকৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চাহ বাগানৰ গোন্ধ সোমাই আছে৷ এজন চাইৱালাৰ বাহিৰে চাহৰ গোন্ধ আৰু স্বাদ কোনেনো ভালকৈ চিনি পাব?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ