অসম লাইভ২৪ঃ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণাৰ পাছতেই আজি অৰ্থাৎ শনিবাৰে অসম চৰকাৰে ১১ টা বিভাগত ৬৫৫ গৰাকীক নিযুক্তি দিব৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লীৰ ভাগত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ৷ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও৷ অসম লোকসেৱা আয়োগৰ অন্তৰ্গত বিভাগসমূহৰ ওপৰিও জলসিঞ্চন বিভাগৰ খালী পদসমূহতো দিয়া হ’ব নিযুক্তি৷ আজিৰ এই অনুষ্ঠানতেই বিতৰণ কৰা হ’ব নিযুক্তি পত্ৰ৷
সৰ্বমুখ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰে আগবঢ়া অসম চৰকাৰে বৰ্তমানলৈ ৩৯,০১৯ গৰাকীক দিছে নিযু্ক্তি৷ আজিৰ দিনটোত মুঠ ১১ টা বিভাগ ক্ৰমে অসামৰিক সেৱা, অসম আৰক্ষী, জলসিঞ্চল আদি বিভাগত দিব নিযুুক্তি৷ ইয়াৰে গৃহ বিভাগত দিব ৬৯গৰাকীক, বিত্ত বিভাগত ৩৩ গৰাকী, পৰিবহণ বিভাগত ৫ গৰাকী, শ্ৰমিক কল্যাণ বিভাগত ১৮ গৰাকী, আবকাৰী বিভাগত ৭ গৰাকী, জলসিঞ্চন বিভাগত ৩২৫গৰাকী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩৩গৰাকী, দক্ষতা নিয়োগ উদ্যমিতা বিভাগত ৪ গৰাকী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৩১ গৰাকী, উদ্যোগ আৰু বানিজ্য বিভাগত ১০ গৰাকী, কৰ্মচাৰী বিভাগত ১১০ গৰাকীক দিয়া হ’ব নিযুক্তি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ