• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক…’

‘আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক…’

3 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

9 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

9 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

10 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

10 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

10 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

11 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

12 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

13 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

14 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

15 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

16 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

‘আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক…’

editor by editor
May 22, 2023
in Uncategorized
0
‘আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক…’
0
SHARES
24.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

#জোনমণি প্ৰসঙ্গ#

জোনমণি ৰাভাৰ মৃত্যুৰহস্য ভেদ কৰিবলৈ যোৱোটো আমাৰ উদ্দেশ্য নহয়। সেইটো পুলিচৰ কাম। কিন্তু প্ৰাসঙ্গিক কিছু গুৰুত্বপূৰ্ণ কথা আছে।

আমাৰ চাকৰিৰ আৰম্ভণিৰ সময়তে, প্ৰায় ৩৬ বছৰ আগতে, পুলিচ অফিচাৰৰ কেতবোৰ wrong example ৰ কাহিনী পুলিচ মহলত প্ৰচলিত আছিল। এজনে বহুসংখ্যক অবৈধ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰি ভালেমান পুৰস্কাৰ আৰু মেডেল লাভ কৰিছিল; পিছত জনা গ’ল, তেওঁ নিজেই সেইবিলাক বনোৱাইছিল আৰু নিজেই উদ্ধাৰ কৰিছিল। আন এজনক এবাৰ বদলি কৰা হৈছিল এক ভিতৰুৱা, অপৰাধমুক্ত থানালৈ। অপৰাধমুক্ত পৰিবেশ অসহনীয় হৈ পৰাত তেওঁ হেনো আন ঠাইৰ পৰা অপৰাধী আমদানি কৰি অপৰাধ সংঘটিত কৰোৱাত লাগিছিল, ইত্যাদি।

এনে উদাহৰণ বিচাৰিলে আজিও হয়তো ওলাব। সেয়ে, নকল সোণৰ বেহাৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱাৰ সময়ত আমি জানিবৰ প্ৰয়োজন হৈছে, যোৱা ৫ বছৰত অসমত কিমান নকল সোণেৰে প্ৰবঞ্চনা কৰা কেছ registered হৈছে, আৰু কিমান কৌটি টকাৰ প্ৰবঞ্চনা কৰা হৈছে। কোনোবাই যদি মুখলজ্জা বা আন কাৰণবশতঃ FIR নিদিয়াকৈ আছিল, এতিয়া অন্ততঃ দিয়ক। কেৱল কিমান লোক arrest হৈছে আৰু কিমান পিতলৰ টুকুৰা উদ্ধাৰ হৈছে, সেই পৰিসংখ্যাৰ পৰা নকল সোণৰ চক্ৰ কিমান প্ৰভাবশালী জানিব পৰা নাযাব। সাধাৰণ মানুহতকৈ লোভী বা অসাধু ব্যৱসায়ীহে এনে অপৰাধৰ লক্ষ্য হয়। আনহাতে জালনোটৰ কাৰবাৰে সাধাৰণ লোককে বেছিকৈ ক্ষতিগ্ৰস্ত কৰে। সহজে ধৰা নপৰা উচ্চ মানদণ্ডৰ নকল নোটে দেশৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰে।

অসংখ্য স্হানত অসংখ্য অপৰাধ চক্ৰ চলি থাকে, আৰু তাৰে কিছুমান চক্ৰৰ সৈতে আৰক্ষীৰ কোনো কোনো লোকও জড়িত হৈ থাকে। আন বিভাগৰ লোকও থাকিব পাৰে। জোনমণিৰ মৃত্যুৰ ক্ষেত্ৰত এই অপৰাধ চক্ৰ আছিল জালনোট আৰু নকল সোণক লৈ। এইটো incidental. গৌণ কাৰণ। আন অপৰাধ চক্ৰও হ’ব পাৰিলেহেতেন। আমাৰ দৃষ্টিত মুখ্য কাৰণ হ’ল আৰক্ষীৰ ভিতৰ ছ’ৰাত চলি থকা এক অস্বাস্থ্যকৰ বাতাবৰণ আৰু unprofessional কাৰ্যপ্ৰণালী। একেটা আৰক্ষী সংগঠনৰ মানুহৰ মাজত সমন্বয়ৰ অভাৱ ঘটাটো অবাঞ্ছনীয়। কৰ্তব্য পালনৰ সময়ত দেশৰ স্বাৰ্থতকৈ গাইগুটিয়া স্বাৰ্থই অগ্ৰাধিকাৰ পালে এনে হয়। ইয়াক এটা সুকীয়া বিষয় হিচাবে চৰকাৰে বিচাৰ কৰাৰ প্ৰয়োজন, কাৰণ ইয়াৰ পৰিসীমা জোনমণিৰ মৃত্যুতে, বা দুখন জিলাৰ অৰিয়াঅৰিৰ ভিতৰতে সীমাৱদ্ধ নহয়। ভৱিষ্যতে আৰু অধিক এই ধৰণৰ ঘটনাই যে চৰকাৰক আৰু আৰক্ষীৰ উৰ্দ্ধতম মহলক অস্বস্তিত পেলাই নাথাকিব তাক ন দি ক’ব নোৱাৰি।

লগতে এইটোও কওঁ যে এজন আৰক্ষী বিষয়া এক গুৰুতৰ অপৰাধৰ সৈতে জড়িত হৈ পৰিলে পুনৰ ততালিকে তেওঁক থানা বা জিলাৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিব নালাগে। ভুল শুধৰোৱাৰ সুযোগ নিশ্চয় দিব লাগে, কিন্তু খৰধৰ কৰাৰ প্ৰয়োজন নাই। বিষয়া জনৰ আইনৰ জ্ঞান, temperament আৰু অভিজ্ঞতা পৰীক্ষা কৰি চাব লাগে। এজন জুনিয়ৰ অনভিজ্ঞ বিষয়াক গুৰু দায়িত্ব দিলে তেওঁতকৈ চিনিয়ৰ অনেক বিষয়াই তেওঁৰ ওপৰত প্ৰভাৱ খটুৱাবলৈ চেষ্টা কৰিব। আৰক্ষী মুখ্যালয়ে এই বিষয়টোত নীতি নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন।

মৰণোত্তৰ পৰীক্ষাৰ video recording কৰা-নকৰাৰ বিষয়েও বহুত আলোচনা হৈছে। এই বিষয়টো medical protocol ৰ অধীন। আগতে মৰণোত্তৰ পৰীক্ষা কেৱল দিনৰ সময়তহে কৰিব পাৰিছিল। দুবছৰ মানৰ পৰাহে ৰাতিও কৰাৰ অনুমতি দিয়া হৈছে। Protocol মতে ৰাতি কৰা মৰণোত্তৰ পৰীক্ষাৰ video recording কৰাটো বাধ্যতামূলক। আনহাতে মানৱ অধিকাৰ আয়োগৰ guideline মতে custodial death কেছৰ মৰণোত্তৰ পৰীক্ষাৰ video recording কৰিব লাগে। আনবিলাক ক্ষেত্ৰত আমি জনাত video recording কৰাৰ নিৰ্দেশ নাই। উল্লেখযোগ্য যে video recording ৰ সৈতে মৃতজনৰ privacy আৰু dignity ৰ কথাও সাঙোৰ খাই আছে। Privacy ৰ অধিকাৰক মৌলিক অধিকাৰৰ মান্যতা দিয়াৰ পিছত video recording কৰাৰ ক্ষেত্ৰত আচলতে বিশদ নিৰ্দেশনাৰ প্ৰয়োজন হৈছে।

জোনমণিৰ মৰণোত্তৰ পৰীক্ষাৰ যি অংশ আমি দেখিছোঁ তাৰে মাত্ৰ এটা কথাই কওঁ, occipital area ৰ (লাওখোলাৰ পিছফালে) আঘাতত underlying bone fracture থকা বুলি লিখা আছে, কিন্তু সেই fracture ৰ জোখমাখ বা বিৱৰণ দেখা নাই। মই নেদেখা কোনো অংশত থাকিলে অৱশ্যে বেলেগ কথা।

ঘটনাটোৰ আনবোৰ বিষয়ত মন্তব্য দিবলৈ নোযোৱাকৈও আমি ক’ব পাৰোঁ যে এই ঘটনা দুৰ্ঘটনানে হত্যা সেই কথা তদন্তৰ প্ৰাথমিক অৱস্থাতে শুদ্ধকৈ নিৰ্ণয় কৰিব পৰা যায়, আৰু CID ৰ দলে নিশ্চয় নিৰপেক্ষ আৰু বিজ্ঞানসন্মত ভাৱে ইয়াক নিৰূপণ কৰিছে। যদি দুৰ্ঘটনা হয়, সি আকস্মিক নে আত্মহত্যা, তাৰো তথ্য পাবলৈ বেছি কঠিন নহয়। যদি হত্যা হয়, তেন্তে হত্যাকাৰীক চিনাক্ত কৰি সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাটো তদন্তৰ মূল কাম হ’ব। কিন্তু পৰিতাপৰ কথা এই যে তদন্তৰ এই মূল কামতেই ঘূণে ধৰিছে, যিটো মই আগতে কৈ অহা unprofessional কাৰ্য্যপ্ৰণালীৰে ভিতৰৰ এটা। এফালে অসমৰ conviction rate দেশৰ ভিতৰতে সৰ্বনিম্ন (অসম আৰক্ষীয়ে নিজে দিয়া তথ্য)। আনফালে কষ্টকৰ তদন্ত কৰাৰ পৰিবৰ্তে কাৰোবাক অপৰাধী সজাই এনকাউন্টাৰ কৰি দিয়াটোৱে এতিয়া পৃষ্ঠপোষকতা পাইছে, আনকি একাংশ অজ্ঞানী (এই শব্দটো আমি অতি দুঃখেৰে লিখিব লগীয়া হৈছে) ৰাইজকো উৎফুল্লিত কৰি তুলিবলৈ লৈছে। আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক। নতুন আৰক্ষীয়ে কেতিয়াও শুদ্ধকৈ কাম শিকিবই নোৱাৰিব। এই পদ্ধতিবোৰ দুয়োফালে ধাৰ থকা তৰোৱাল। আনক কাটোতে কেতিয়াবা নিজেও কটা যাব।

আদালতত অপৰাধ সাব্যস্ত কৰিব পৰাকৈ প্ৰমাণ সংগ্ৰহ নোহোৱালৈকে আমি এটা ৰহস্যৰ সমাধান হ’ল বুলি কেতিয়াও নামানো। এনে বিশ্বাসত বিশ্বাসী আৰক্ষীৰ সংখ্যা এতিয়া নিচেই কম। ভৱিষ্যতে হয়তো ক্ৰমে অধিক সংখ্যক কেছৰ তদন্তৰ ভাৰ কেন্দ্ৰীয় সংস্থাক দিব লগীয়া হ’বগৈ। কিন্তু দিব খুজিলেই জানো তেওঁলোকে সকলো কেছ ল’ব?

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
আই পি এলত আৰু দেখা নাযাব নেকি ‘থালা’ক?

আই পি এলত আৰু দেখা নাযাব নেকি 'থালা'ক?

ঢকুৱাখনা সদৰ থানাত কেতিয়াও নেদেখা এটা দৃশ্য

ঢকুৱাখনা সদৰ থানাত কেতিয়াও নেদেখা এটা দৃশ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.