যোৰহাটত আৰক্ষীয়ে উৎখাত কৰিছে এটা হানি ট্ৰেপিং চক্ৰ। এগৰাকী বিৱাহিত মহিলাৰ জৰিয়তে সামাজিক মাধ্যমত পৰিচয় গঢ়ি পুৰুষক প্ৰেমৰ জালত পেলাই পৰৱৰ্তী সময়ত ব্লেকমেইলিং কৰি ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে চক্ৰটোৰ বিৰুদ্ধে। এই ঘটনাৰ তদন্তত আৰক্ষীয়ে দুগৰাকী মহিলা আৰু তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, এই চক্ৰটোৱে মূলতঃ আঢ্যৱন্ত পৰিয়ালৰ লোকক লক্ষ্য কৰি লোৱাৰ অভিযোগ উঠিছে। ইতিমধ্যে তিনিচুকীয়াৰ এটা বেংকৰ মেনেজাৰকো এই চক্ৰটোৱে পৰিকল্পিতভাৱে হানি ট্ৰেপৰ জালত পেলাইছিল। ঘটনাৰ আৰম্ভণি হৈছিল ইনষ্টাগ্ৰামৰ জৰিয়তে। বিগত জুলাইত তিনিচুকীয়াৰ বেংক মেনেজাৰজনৰ সৈতে এগৰাকী বিৱাহিত মহিলাৰ সামাজিক মাধ্যমত চিনাকি হয়। লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায়।
ইয়াৰ পিছত আগষ্টত মহিলাগৰাকীয়ে বেংক মেনেজাৰজনক যোৰহাটলৈ লগ কৰিবলৈ মাতিছিল। যোৰহাটৰ অজন্তা হলৰ সমীপৰ এটা ভাড়াঘৰত দুয়োজনে নিশা কটোৱাৰ সময়তে পৰিকল্পনা অনুসৰি দুজন যুৱক সেই কোঠাটোত প্ৰৱেশ কৰে বুলি অভিযোগ উঠিছে। যুৱক দুজনে সেই সময়ৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ভিডিঅ’কে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত বেংক মেনেজাৰজনক ব্লেকমেইলিং আৰম্ভ কৰে চক্ৰটোৱে। এই চক্ৰটোত মহিলাগৰাকীৰ স্বামীও জড়িত বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।
ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ পিছতে আৰম্ভ হয় ধন দাবীৰ পৰ্ব। অভিযোগ অনুসৰি, প্ৰথমে বেংক মেনেজাৰজনৰ পৰা ২ লাখ টকা দাবী কৰা হয়। পৰৱৰ্তী সময়ত পুনৰ ১ লাখ ১৫ হাজাৰ টকা সংগ্ৰহ কৰে চক্ৰটোৱে। ইয়াৰ পিছতো চক্ৰটোৱে থমকি নৰ’ল। পুনৰ বেংক মেনেজাৰজনৰ পৰা ৫ লাখ টকা দাবী কৰা হয় বুলি জানিব পৰা গৈছে। ধন নিদিলে ভিডিঅ’ ৰাজহুৱা কৰাৰ ভয় দেখুওৱাৰ অভিযোগ উঠিছে।
অৱশেষত উপায়ন্তৰ হৈ তিনিচুকীয়াৰ বেংক মেনেজাৰজনে আৰক্ষীৰ কাষ চাপে। অভিযোগ লাভ কৰাৰ পিছতে যোৰহাট আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি প্ৰথমে যোৰহাটৰ গড়মুৰ-ইটাখুলিৰ অংকিত পল আৰু সঞ্জীৱ দাস নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে চক্ৰটোৰ মূল নায়িকাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ এজন মহিলাগৰাকীৰ স্বামী বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলৰ জিম্মাৰ পৰা মোবাইল ফোন উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা মোবাইল ফোনসমূহ পৰীক্ষা কৰাৰ সময়ত বহু কেইটা QR Code পোৱা গৈছে। এই QR Codeসমূহৰ জৰিয়তে ধন লেনদেন কৰা হৈছিল নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ তদন্তত এই চক্ৰটোৱে কেৱল বেংকৰ মেনেজাৰ জনকেই লক্ষ্য কৰা নাছিল, আন লোককো টাৰ্গেটত ৰাখিছিল বুলি তথ্য পোহৰলৈ আহিছে। বিশেষকৈ আৰ্থিকভাৱে স্বচ্ছল তথা আঢ্যৱন্ত পৰিয়ালৰ পুৰুষক লক্ষ্য কৰি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰথমে পৰিচয় গঢ়ি তোলা আৰু পৰৱৰ্তী সময়ত প্ৰেমৰ সম্পৰ্কলৈ লৈ যোৱাৰ কৌশল গ্ৰহণ কৰাৰ অভিযোগ উঠিছে। ইতিমধ্যে ONGCৰ এজন কৰ্মচাৰীও এই চক্ৰটোৰ জালত পৰিছিল বুলি আৰক্ষীৰ তদন্তত তথ্য পোৱা গৈছে। ফলত এই চক্ৰটোৱে আৰু কিমানজন লোকক লক্ষ্য কৰিছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীয়ে উদ্ধাৰ কৰা মোবাইল ফোনসমূহ এই তদন্তৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে বিবেচিত হৈছে। ফোনসমূহত পোৱা QR Code, ধনৰ লেনদেনৰ তথ্য, যোগাযোগৰ তথ্য আৰু ভিডিঅ’ আদিৰ পৰা চক্ৰটোৰ আন সদস্যসকলৰ সন্ধান লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
এই ঘটনাই সামাজিক মাধ্যমত অচিনাকি লোকৰ সৈতে বন্ধুত্ব আৰু ঘনিষ্ঠতা গঢ়ি তোলাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজনীয়তাও পুনৰ স্পষ্ট কৰিছে। বিশেষকৈ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ বা ফটো কোনো অচিনাকি ব্যক্তিৰ হাতত পৰিলে তাৰ অপব্যৱহাৰৰ আশংকা থাকে। যোৰহাট আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ হোৱা লোকসকলক জেৰা কৰি চক্ৰটোৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, পূৰ্বতে কিমানজনক লক্ষ্য কৰা হৈছিল আৰু ধন সংগ্ৰহৰ সমগ্ৰ নেটৱৰ্কটো কেনেদৰে চলিছিল, সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















