অসম লাইভ২৪ঃ জেপত এপইছা নোহোৱাকৈ আপুনি এমোনা বজাৰ ঘৰলৈ আনিব পাৰিব৷ অন্য কোনো স্থানৰ কাহিনী নহয়, এয়া অসমতেই সম্ভৱ৷ কালিৰে পৰা আৰম্ভ হৈছে জাগীৰোডৰ জোনবিলৰ পাৰত ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা।
ঐতিহাসিক গোভা দেউ ৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওঁশাল চাৰিভাই শিৱথানত মাংগলিক পূজা অৰ্চনাৰে এই মেলাৰ আৰম্ভণি হয়। পৰম্পৰাগত নীতি নিয়ম অনুসৰি দেওশাল শিৱথানত কণী কাটি বিষয়ববীয়াসকলে মাংগলিক পূজা অৰ্চনা কৰে। ইয়াৰ পিছতে মেলাথলীত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাঘ বিহুৰ পিছৰ সপ্তাহত জাগীৰোডস্থিত জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা এই জোনবিল মেলাৰ প্ৰথম দিনা পাহাৰৰ মামা-মামী মেলাথলীত আহি উপস্থিত হয়।
দৰাচলতে, জোনবিল মেলাত পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে পাহাৰত উৎপাদিত বিভিন্ন খাদ্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, লাৰু, কেচা মাছ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰাৰ এক পৰম্পৰা আছে। দ্বিতীয় দিনাও কাহিলি পুৱাতে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ বিনিময় কৰে পাহাৰৰ মামা-মামীয়ে৷ ভৈয়ামৰ চিৰা, পিঠা, সান্দহ, কেচা মাছ, শুকান মাছ আদি বিনিময় কৰিছে মামা-মামীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ