অসম লাইভ২৪ঃ মে মাহত ৰাশি পৰিবৰ্তনৰ প্ৰায় ১৫ দিন পূৰ্বে নক্ষত্ৰ পৰিবৰ্তন কৰিব দেৱগুৰু বৃহস্পতিয়ে। জ্যোতিষ গণনা অনুসৰি ১৬এপ্ৰিলত বৃহস্পতিয়ে সূৰ্যৰ আধিপত্যযুক্ত নক্ষত্ৰ কৃতিকাত প্ৰৱেশ কৰিব। সূৰ্য আৰু বৃহস্পতিৰ মাজত মিত্ৰতাৰ সম্পৰ্ক আছে। এই পৰিস্থিতিত বন্ধুৰ নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে কেইটামান ৰাশিৰ ভাগ্য চমকি উঠিব।
ৰাজনীতিৰ সৈতে যুক্ত জাতকে এই সময়ত সাফল্য লাভ কৰিব পাৰিব। অৰ্থ-সম্পত্তি বৃদ্ধি পাব। বৃহস্পতিৰ নক্ষত্ৰ পৰিবৰ্তনে কোন কোন ৰাশিৰ জীৱনত কি কি প্ৰভাৱ বিস্তাৰ কৰিব জানি থওক সবিশেষ।
মিথুন ৰাশি
কৃতিকা নক্ষত্ৰত বৃহস্পতিৰ প্ৰৱেশ এই ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। আপোনাৰ কোষ্ঠীৰ মান-সন্মান আৰু দশম স্থানৰ অধিপতি বৃহস্পতিয়ে এই সময়ত একাদশ স্থানত অৱস্থান কৰি আছে। এই সময়ত মান-সন্মান আৰু পদ প্ৰতিষ্ঠা বৃদ্ধি পাব। ৰাজনীতিত সক্ৰিয় জাতকে এই সময়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলে জয় লাভ কৰাৰ সম্ভাৱনা আছে। অসাধাৰণ হাৰত আয় বৃদ্ধি পাব পাৰে এই ৰাশিৰ জাতকৰ। আয়ৰ নতুন উৎস পাব। নিজৰ ৰাশিৰ অধিপতি বুধৰ সৈতে সম্পৰ্কযুক্ত দান আৰু মন্ত্ৰ জপ কৰিলে অধিক সুফল পাব।
কৰ্কট ৰাশি
বৃহস্পতিৰ নক্ষত্ৰ পৰিবৰ্তন কৰ্কট ৰাশিৰ জাতকৰ বাবে অধিক শুভ ফলদায়ী প্ৰমাণিত হ’ব। এই ৰাশিৰ গোচৰ কোষ্ঠীৰ কৰ্ম আৰু লাভৰ স্থানত বৃহস্পতিয়ে বিচৰণ কৰিব। এই সময় চাকৰিয়াল জাতকৰ পদোন্নতি আৰু বেতনবৃদ্ধি হ’ব পাৰে। ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে সাফল্য লাভ কৰিব পাৰে। আকস্মিক ধন লাভ সম্ভৱ। বিদেশত ব্যৱসায় কৰাসকলৰ লাভ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ