#JusticeforZubeenGarg হেচটেগটোৱে ১০ লাখৰ ঘৰ অতিক্ৰম কৰিছে৷ সৰ্বাধিক চৰ্চিত ডিজিটেল আন্দোলন হিচাপে এই আন্দোলনে চৰ্চাও লাভ কৰিছে৷
ভাৰতৰ পৰাই নহয় বিদেশৰো হাজাৰ হাজাৰ লোকে এই আন্দোলনত যোগদান কৰিছে৷ প্ৰয়াত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি এই আন্দোলন চলি আছে৷
শেহতীয়াকৈ বহুজনে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেছবুক একাউণ্টত তেওঁৰ বিভিন্ন ফটোৰ কমেণ্টত #JusticeforZubeenGarg বুলি লিখাও আৰম্ভ কৰিছে৷ মঙলবাৰৰ পৰা বহুসংখ্যকে প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ ফেছবুক একাউণ্ট মেনছন কৰি এই পোষ্ট দিছে৷ বুধবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ফেছবুক একাউণ্ট ডি এক্টিভেট কৰি দিছিল৷ পাছলৈ বিয়লিৰ ভাগত তেওঁ আকৌ নিজৰ একাউণ্ট এক্টিভেট কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ