কহুঁৱাৰ শুভ্ৰতাই ধৰালৈ নামি আহিছে শৰত প্ৰকৃতিৰ বুকুলৈ আহিছে শৰৎ। নৈৰ পাৰত হালিজালি নাচি থকা কঁহুৱাই সাজু হৈছে শাৰদী ৰাণীক আদৰিবলৈ। নৈৰ পাৰত ফুলা কঁহুৱা বনে হাতবাউলি মাতিছে বাটৰুৱাক।

প্ৰকৃতিৰ দৃষ্টিননন্দন পৰিৱেশ। ৰিব ৰিব বতাহে গা মন জুৰ পেলাইছে সকলোৰে। কঁহুৱা ফুলে যেন জনাই দিছে, এয়া উৎসৱৰ বতৰ। উৎসৱ আগমনৰ বাৰ্তাত মন-প্রাণ হৰি নিয়াৰ সময় এয়া।

শৰতৰ আগমনৰ লগে লগে দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ফুলিছে শুভ্র কঁহুৱা। বানৰ বিভীষিকাৰ পিছত যেন শৰত অহাৰ বাতৰি পাই শুকুলা দলিছা পাৰি দিছে প্ৰকৃতিয়ে। শৰতৰ আগমণৰ লগে লগে অতি মনোমোহা হৈ পৰিছে চৰাঞ্চলৰ চৌদিশ।

প্ৰতিগৰাকী প্রকৃতিপ্রেমীয়ে উপভোগ কৰিছে নদীৰ দুয়োপাৰে ফুলি থকা কঁহুৱাৰ নয়নাভিৰাম দৃশ্য। বতাহত হালিজালি নাচি থকা কঁহুৱা বনে মন্ত্রমুগ্ধ কৰিছে সকলোকে।

কঁহুৱা ফুলৰ এই নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা। এনেদৰেই এতিয়া শৰতৰ আগমনে কঁহুৱা ফুলৰ শুভ্রতাই পুলকিত কৰিছে সকলোৰে মন-প্রাণ।
(সোণতলীৰ পৰা নয়ান আৰীৰ সহযোগত তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















