অসম লাইভ২৪ঃ অতি সংকটজনক হৈ পৰিছে কলিজা আইতাৰ স্বাস্থ্য৷ মঙলবাৰে নিশা দুই বজাৰ পৰা ভেন্টিলেটৰত ৰখা হৈছে কলিজা আইতাক। অক্সিজেন আৰু বিপি হঠাতে বহুত কমি গৈছিল বুলিও উল্লেখ কৰিছে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই৷
বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা দিয়া পষ্টত লিখিছে, ‘কলিজা আইতাৰ জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ। আই চি ইউ ত মৃত্যুৰে সৈতে যুঁজি আছে কলিজা আইতা। ক্ৰমাত অধিক অসুস্থ হৈ পৰিছে আইতা। এতিয়া সকলো ভগৱানৰ হাতত। হে ভগৱান আমাৰ আইতাক ভাল কৰি দিয়া।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ