অসম লাইভ২৪ঃ প্ৰায়সংখ্যক যুৱচামেই এতিয়া পেশাগত কাৰণত বিবাহৰ সিদ্ধান্ত দেৰীকৈ লয়৷ পৰিয়াল বঢ়োৱাৰ সিদ্ধান্ত তাতোকৈও দেৰীকৈ লয়৷ পুৰুষৰ প্ৰজননৰ নিৰ্দিষ্ট আয়ুস নাথাকিলেও বয়সৰ লগে লগে প্ৰকৃতিগতভাৱেই মহিলাৰ প্ৰজননৰ ক্ষমতা কমি আহে৷ কৰ্মব্যস্ত জীৱনত থকা মানসিক চাপ, জীৱনশৈলীৰ অনিয়ম, শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰা আদিয়েই সন্তানধাৰণত জটিলতাৰ সৃষ্টি কৰে৷ চিকিৎসকৰ কাষ চাপিও বহুতেই বিফল হয়৷ চিকিৎসাবিজ্ঞানেও এই সমস্যা সমাধান কৰিব নোৱাৰে৷ খাদ্যৰ তালিকাৰ লগতে আমাৰ জীৱনশৈলীত কিছু সালসলনি আনিয়েই এই সমস্যা সমাধান কৰিব পাৰি৷ খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?
সূৰ্যমূখী ফুলৰ বীজ
ছেলেনিয়াম ফোলেট, ওমেগা-৬ ফেটি এছিডৰ দৰে গুৰুত্বপূৰ্ণ যৌগ সূৰ্যমূখী ফুলৰ বীজত আছে৷ সন্তানধাৰণৰ বাবে এই যৌগসমূহৰ ভুমিকা অনস্বীকাৰ্য৷ কেৱল মহিলাসকলৰ বাবেই নহয় পুৰুষৰ বাবেও ই সমানেই উপকাৰী৷
ভিটামিন-ডি জাতীয় ফল
আঙুৰ, কমলা, ষ্ট্ৰবেৰী, নেমু আদিত প্ৰচুৰ পৰিমানে ভিটামিন-চি থাকে৷ শুক্ৰাণু আৰু ডিম্বানু দুয়োৰে মান উন্নত কৰিবৰ বাবে প্ৰতিদিনেই ভিটামিন চি খোৱাটো জৰুৰী৷
চীজ
বন্ধ্যাত্ব কেৱল মহিলাৰেই নহয়ষ পুৰুষৰ বাবেও চিন্তাৰ কাৰণ৷ পুৰুষৰ শৰীৰত শুক্ৰাণুৰ পৰিমান কমি থাকিলেও সন্তান ধাৰণত সমস্যা হ’ব পাৰে৷ চিকিৎসকে প্ৰকাশ কৰা মতে শুক্ৰাণুৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে চীজ খাব পাৰে৷
দুগ্ধজাত খাদ্য খাব
চিকিৎসা বিজ্ঞানে দাবী কৰা অনুযায়ী মহিলাসকলে দৈ, পনিৰ, ছানা, চীজৰ দৰে দুগ্ধজাত খাদ্য নিয়মিতভাৱে খাব পাৰে৷ এনেদৰে দুগ্ধজাত খাদ্য খালে বন্ধ্যাত্বৰ সমস্যা বহু পৰিমানে কমি আহে৷ সম্প্ৰতি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷
দাইল বা বিন
সন্তানধাৰণৰ বাবে প্ৰয়োজনীয় হৰমনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ফাইবাৰ, ফোলেট অতি গুৰুত্বপূৰ্ণ৷ এই দুটা যৌগৰ প্ৰধান উৎসই হৈছে বিভিন্নপ্ৰকাৰৰ দাইল বা বিন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ