অসম লাইভ ২৪ঃ তাৰকা শ্বাটলাৰ পি ভি সিন্ধু, বলীউড কুইন কংগনা ৰাণাৱটলৈ পদ্ম সন্মান৷ সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হয় এই সন্মান৷ চলিত বৰ্ষত ১১৯গৰাকী লোকক প্ৰদান কৰা হয় এই সন্মান৷ ইয়াৰে ৭গৰাকীক পদ্ম বিভূষণ, ১০গৰাকী ব্যক্তিক পদ্মভূষণ আৰু ১০২গৰাকী ব্যক্তিক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে প্ৰদান কৰে পদ্মশ্ৰী সন্মান৷ ১৬গৰাকী ব্যক্তিলৈ মৰণোত্তৰভাৱে প্ৰদান কৰা হয় এই সন্মান৷ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ৷ দুটাকৈ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰে পদ্মভূষণ সন্মান৷ ইয়াৰ উপৰি কংগনা ৰাণাৱট, আদনান ছামী, কৰণ জোহৰ, একতা কাপুৰ আৰু প্ৰয়াত এচ পি বালাসুব্ৰমনিয়মক প্ৰদান কৰা হয় ২০২০ বৰ্ষৰ পদ্মশ্ৰী বঁটা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ