অসম লাইভ ২৪ঃ টীম ইণ্ডিয়াৰ অধিনায়কত্ব ত্যাগ কৰিলে বিৰাট কোহলীয়ে৷ বিশ্বকাপ লীগত বাহিৰ হোৱাৰ পাছতেই ভাৰতৰ টি-২০ দলৰ অধিনায়কত্ব এৰিলে অন্যতম সফল বেটছ মেন বিৰাট কোহলীয়ে৷ বিৰাট কোহলীৰ পাছত ৰোহিত শৰ্মা ভাৰতীয় দলৰ অধিনায়ক হোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত৷ বিৰাট কোহলীয়ে অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই আৱেগিক হৈ পৰে অনুৰাগী৷ ছ’চিয়েল মিডিয়াত অনুৰাগীৰ আৱেগিক পোষ্ট৷ t-20 বিশ্বকাপৰ অন্তিম মেচত নামিবিয়াৰ বিৰুদ্ধে ৯ উইকেটত কোহলি বাহিনী জয়ী হোৱাৰ পাছতেই টুইটযোগে অনুৰাগীয়ে অভিনন্দন জনায় কোহলীক৷ বিদায়ৰ প্ৰাকক্ষণত অধিনায়ক হিচাপে আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বিৰাট কোহলীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ