ৰঙাজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাই যোৰহাটৰ স্বাস্থ্যখণ্ডৰ এক কৰুণ আৰু উদ্বেগজনক ছবি পোহৰলৈ আনিছে। কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত পৰ্যাপ্ত চিকিৎসক আৰু বিশেষজ্ঞৰ অভাৱৰ অভিযোগ উত্থাপন হৈছে। দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাক লৈ এতিয়া বিভিন্ন দল-সংগঠনে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
যোৰহাট মেডিকেল কলেজ হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে দুৰ্ঘটনাত আহত ১৭জন লোক। ইয়াৰে ৫জনৰ অৱস্থা অতি সংকটজনক। পাঁচজন আহতক ভেণ্টিলেটৰৰ সহায়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। আন দুজনক ICUত ৰখা হৈছে। বাকী ১০জন আহতই হাস্পতালৰ ৱাৰ্ডত চিকিৎসা লাভ কৰি আছে।
এই তথ্য সদৰী কৰিছে JMCHৰ অধীক্ষক ডাঃ মানৱ গোহাঁইয়ে। তেওঁৰ মন্তব্য অনুসৰি, ভেণ্টিলেটৰত থকা আহতসকলৰ কোনো এজনৰ ক্ষেত্ৰতে বৰ্তমান অস্ত্ৰোপচাৰ অথবা আন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন নাই। কিন্তু দুৰ্ঘটনাটোৰ পিছতে হাস্পতালখনত বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ বিষয়টো চৰ্চালৈ আহিছে। অভিযোগ অনুসৰি, JMCHত স্নায়ু বিভাগৰ বিশেষজ্ঞ চিকিৎসক (নিউৰ’লজিষ্ট)ৰ অভাৱৰ বাবে গুৱাহাটীৰ পৰা নিউৰ’লজিষ্ট নিবলগীয়া হৈছে। আনহাতে, নিউৰ’ছাৰ্জনৰ অভাৱৰ বাবেও ICUত চিকিৎসাধীন আহতসকলৰ চিকিৎসা প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি হোৱা বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰিছে।
চিকিৎসকৰ অভাৱত ICUত চটফটাইছে আহত! ৰঙাজানৰ দুৰ্ঘটনাৰ পিছত এই অভিযোগে অধিক গুৰুত্ব লাভ কৰিছে। কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত যদি সংকটকালীন সময়ত পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক উপলব্ধ নহয়, তেন্তে সাধাৰণ ৰাইজে উন্নত চিকিৎসা সেৱা লাভ কৰিব কিদৰে, সেই প্ৰশ্নও উত্থাপন হৈছে।
কেৱল JMCHতেই নহয়, কহঁৰা আদৰ্শ চিকিৎসালয়ৰ ক্ষেত্ৰতো চিকিৎসক আৰু চিকিৎসা সামগ্ৰীৰ অভাৱৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, চিকিৎসালয়খনত পৰ্যাপ্ত বিচনা আৰু চেলাইন ষ্টেণ্ডৰ অভাৱৰ বাবে আহতসকলক উপযুক্ত ব্যৱস্থাৰে চিকিৎসা প্ৰদান কৰাত অসুবিধাৰ সৃষ্টি হৈছে। আনকি বিচনা আৰু প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱত আহতসকলক অসুবিধাজনক অৱস্থাত ৰাখিবলগীয়া হোৱা বুলিও অভিযোগ কৰা হৈছে।
ৰঙাজানৰ দুৰ্ঘটনাই যোৰহাট তথা সমগ্ৰ অঞ্চলটোৰ স্বাস্থ্য ব্যৱস্থাৰ প্ৰকৃত অৱস্থা উদঙাই দিয়া বুলি মন্তব্য কৰিছে বিভিন্ন দল-সংগঠনে। স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে চিকিৎসক, বিশেষজ্ঞ আৰু প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ দাবী জনাইছে।
এতিয়া প্ৰশ্ন হৈছে, কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিয় নাই পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক? সংকটজনক ৰোগীৰ চিকিৎসাৰ বাবে কিয় গুৱাহাটীৰ পৰা চিকিৎসক আনিবলগীয়া হৈছে? কহঁৰা আদৰ্শ চিকিৎসালয়ত কিয় নাই পৰ্যাপ্ত বিচনা আৰু চিকিৎসা সামগ্ৰী?
ৰঙাজানৰ দুৰ্ঘটনাই এই প্ৰশ্নসমূহৰ উত্তৰ বিচৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাৰ উন্নয়নৰ প্ৰয়োজনীয়তাকো পুনৰ স্পষ্ট কৰি তুলিছে। আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ এই সমস্যাসমূহ সমাধানৰ বাবে স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















