কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ এখন ২৬টা ছীট থকা ট্ৰেভেলাৰত ৪১গৰাকী যাত্ৰী কঢ়িওৱাৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে, এখন গাড়ীৰ নিৰ্ধাৰিত আসন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়াটো এক ডাঙৰ অপৰাধ। ২৬গৰাকী যাত্ৰীৰ বাবে নিৰ্ধাৰিত গাড়ীখনত ৪১গৰাকী যাত্ৰী কঢ়িয়াই নিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এনে কাৰ্যই যাত্ৰীসকলৰ জীৱন বিপদৰ মুখলৈ ঠেলি দিয়ে।
দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, চালকজনে কিয় ষ্টিয়েৰিঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱালে, সেই বিষয়ে তদন্ত কৰা হ’ব। তেওঁৰ শৰীৰত কোনো ধৰণৰ শাৰীৰিক সমস্যা আছিল নেকি, সেই দিশসমূহো পৰীক্ষা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে ৰাজ্যৰ পৰিবহণ ব্যৱস্থা আৰু যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, পৰিবহণ বিভাগক শক্তিশালী কৰাৰ অৰ্থ হৈছে যান-বাহনৰ নিয়ম-কানুন কঠোৰভাৱে বলৱৎ কৰা আৰু নিয়ম উলংঘা কৰা গাড়ীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা। কিন্তু যেতিয়াই বিভাগে নিয়ম উলংঘা কৰা গাড়ী ধৰে, তেতিয়াই একাংশ লোকে বেয়া পায়। এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ সমস্যা।
এই সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাট সমষ্টিত বিজেপিৰ পৰাজয়ৰ পাছত হোৱা পৰ্যালোচনাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ ভাষ্য অনুসৰি, সেই পৰ্যালোচনাত এটা কথা পোহৰলৈ আহিছিল যে যান-বাহনৰ নিয়ম কঠোৰভাৱে পালন কৰাবলৈ গ’লে একাংশ লোকে অসন্তুষ্ট হয় আৰু ইয়াৰ প্ৰভাৱ ৰাজনৈতিক ক্ষেত্ৰতো পৰিব পাৰে বুলি ধাৰণা কৰা হৈছিল।
গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে লগোৱা স্পীড লিমিট ডিভাইচ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, অসমৰ প্ৰায় প্ৰতিখন গাড়ীতে স্পীড লিমিট ডিভাইচ লগোৱা আছে। কিন্তু একাংশ লোকে ডিভাইচটোৰ তাঁৰ এডাল ছিঙি দিয়াৰ ফলত সেই ব্যৱস্থাটো অকাৰ্যকৰী হৈ পৰে। ফলত গাড়ীখন পুনৰ অধিক গতিবেগত চলাব পৰা যায়।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বহু ক্ষেত্ৰত গাড়ীৰ চালকসকলৰ ওপৰত মালিকৰ হেঁচা থাকে। সময়মতে গন্তব্যস্থানত উপস্থিত হ’বলৈ আৰু অধিক যাত্ৰী কঢ়িয়াই নিবলৈ মালিকসকলে চালকক দ্ৰুতবেগত গাড়ী চলাবলৈ বাধ্য কৰায়। গাড়ীৰ মালিকসকলক এই বিষয়ে সোধা-পোছা কৰিলে তেওঁলোকে বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিবলগীয়া থকাৰ কথা উল্লেখ কৰে।
মুঠতে, কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কেৱল দুৰ্ঘটনাটোৰ তদন্তৰ কথাই নহয়, ৰাজ্যৰ পৰিবহণ ব্যৱস্থাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰতো আলোকপাত কৰে। নিৰ্ধাৰিত আসনতকৈ অধিক যাত্ৰী কঢ়িওৱা, দ্ৰুতবেগত গাড়ী চলোৱা, স্পীড লিমিট ডিভাইচ অকাৰ্যকৰী কৰা আৰু গাড়ীৰ মালিকৰ হেঁচা—এই সকলোবোৰ বিষয়ক পথ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বসহকাৰে বিবেচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁৰ মন্তব্যত স্পষ্ট হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















