অসম লাইভ২৪ঃ কৰিশ্মা নাথ। নাগাৰ নাম গাই ৰাজ্যজুৰি চৰ্চিত কৰিশ্মা নাথৰ বিতৰ্কৰ মাজতেই প্ৰতিদিনেই সংবাদ শিৰোনাম দখল কৰিবলৈকো সক্ষম হৈছে কৰিশ্মাই। নহ’বনো কিয়? কৰিশ্মাই পে পে পে পে গালেই লাখ লাখ ভিউজ সামাজিক মাধ্যমত। কেৱল সামাজিক মাধ্যমতেই নহয় কাষৰ পৰা কৰিশ্মাৰ নাগাৰা নামৰ লগতে বিশেষভাৱে গোৱা পে পে পে পে শুনিবলৈ ৰৈ থাকে বহু শ্ৰোতা দৰ্শক। এই কথা নিজেই প্ৰকাশ কৰিছে কৰিশ্মাই।
কৰিশ্মাই অসম লাইভ২৪ ত দিয়া এক বিশেষ সাক্ষাতকাৰত কয়, ‘চ’ত মাহৰ প্ৰথম দিনটোক বাদ দি ২৯ দিনেই অনুষ্ঠান আছে। সমগ্ৰ চ’ত মাহৰ বাবেই চুক্তিবদ্ধ হৈ আছো। ৰাইজে বহুত মৰম দিছে মোক। পে পে পে পে ক লৈ চৰ্চা হ’লেও বহুতেই মোৰ এই নাগাৰা নাম শুনিবলৈকে ৰৈ আছে। মই সেয়ে অনুষ্ঠানসমূহত এই নাম গোৱাৰ চেষ্টাই অব্যাহত ৰাখিম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ