অসম লাইভ ২৪ঃ কোভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ ভাৰততে লৈছে সংহাৰী ৰূপ। দিল্লী, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত অক্সিজেনৰ অভাৱত মৃত্যু হৈছে ৰোগীৰ। কর্ণাটকতো কোভিডৰ সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ। তেনে সময়ছোৱাতে কর্ণাটকত জাৰি কৰিছে ১৪ দিনৰ লকডাউন। এই লকডাউনৰ সময়ছোৱাত কেৱল জৰুৰী সেৱাসমূহহে উপলব্ধ হ’ব। জৰুৰী সামগ্ৰীসমূহ বজাৰৰ বাবে মাত্ৰ ৪ ঘণ্টা খুলি দিয়া হ’ব দোকান। ইয়াৰ লগতে কর্ণাটকৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ১ মে’ৰ পৰা ১৮ বছৰতকৈ অধিক বয়সৰ লোকক বিনামূলীয়াকৈ দিয়া হ’ব কোভিড ভেকচিন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ