আজি কাতি বিহু। কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়। ইকৰা, নল, বা কুমলীয়া বাঁহৰ সৰু পাবেৰে আকাশ বন্তি সাজিব পাৰি। ছটুকুৰা সৰু ইকৰা বা নলৰ পাব লৈ ৰছীৰে সিঁ এটা পিৰামিড আকৃতিৰ গঠন সাজি লোৱা হয়। এই গঠনৰ তলৰফালে ওলোটা পিৰামিড আকৃতিৰ আন এক গঠন সজা হয়। ঔটেঙাৰ টুকুৰা বা মাটি চাকি দুয়োটা পিৰামিডৰ মাজৰ সমতল অংশত বা তলৰ ওলোটা পিৰামিডৰ শংকু অঞ্চলত ৰাখিব পাৰি। সাধাৰণতে এইদৰেই এই আকাশবন্তি সজা হয় আৰু ইয়াক পদূলিমূৰত ওখকৈ আঁৰি দিয়া হয়। মাজুলীৰ আউনীআটী সত্ৰত কাতিমাহত সমগ্ৰ মাহ ধৰি আকাশ বন্তি প্ৰজ্বলন কৰা হয়।
কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়। কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।
অসমৰ উৎসৱসমূহ বিশেষকৈ বিহু কৃষি ভিত্তিক উৎসৱ। তিনিটি বিহুৰ এটা বিহু কাতি বিহু বা কঙালী বিহু। কঙালী বিহুৰ লগৰ জড়িত এটা প্ৰথা আকাশ বন্তি জ্বলোৱা। এই আকাশ বন্তি জ্বলোৱা এটা কাৰণ খেতি পথাৰৰ পোক-পতংগ নিয়ন্ত্ৰণ কৰা। আকাশ বন্তি খেতি পথাৰ বা পদূলি মুখত এডাল ওখ বাঁহৰ ওপৰত চাকি জ্বলোৱা হয়। কাতি মাহত সাধাৰণতে পথাৰত পোক-পতংগৰ সংখ্যা কিছু বৃদ্ধি হয় আৰু কৃষকৰ পথাৰত ধান বা অন্য খেতি সমূহত বিভিন্ন প্ৰকাৰৰ পোক-পতংগ আহি পৰে আৰু সেই পোক-পতংগবোৰে ওপৰত জ্বলি থকা সৰিয়হ তেলৰ চাকিৰ পোহৰত আকৰ্ষিত হৈ আহে আৰু জুইত পৰি মৰে আগৰ দিনত পোক-পতংগ নিমন্ত্ৰণ বাবে কোনো ধৰণৰ ৰাসায়নিক কীটনাশক দ্ৰব্য পোৱা নগৈছিল বাবে এনেকৈ কিছু পোক-পতংগ কৃষক সকলে নিয়ন্ত্ৰণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















