বিশ্বৰ আটাইতকৈ সৰু ছাগলী, নাম লিপিবদ্ধ গিনিজ বুকত, আকাৰ জানিলে আচৰিত হ’ব
কেৰালাৰ এজন কৃষকে সৃষ্টি কৰিছে ইতিহাস। তেওঁৰ এটা পোহনীয়া ছাগলীয়ে পালে বিশ্ব মানৰ স্বীকৃতি। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ সৰু জীৱিত ছাগলী হিচাপে স্বীকৃতি লাভ কেৰালাৰ কৃষকৰ ছাগলীৰ।
ছাগলীটোৰ মালিক পিটাৰ লেনুৱে কয় যে তেওঁ কাৰুম্বি নামৰ ক’লা মাইকী ছাগলীটোৰ উচ্চতা বয়স হিচাপে সৰু বুলি জানিছিল যদিও যেতিয়া ওচৰ-চুবুৰীয়াই ছাগলীটোৰ জৰিয়তে অভিলেখ কৰাৰ বাবে নকয় তেতিয়ালৈকে নিজে তেনে ধৰণৰ কোনো কথা ভৱা নাছিল।
https://www.humix.com/video/Mw-HogPjzzu
গিনিজ বুকৰ তথ্য অনুসৰি ২০২১ চনত জন্মগ্ৰহণ কৰা কাৰুম্বী চাৰি বছৰ বয়সত মাত্ৰ ১ ফুট ৩ ইঞ্চি (৪০.৫০ চে.মি.) ওখ। কাৰুম্বী এবিধ কানাডীয়ান প্ৰজাতিৰ সৰু ছাগলী, যি ইয়াৰ ডাঠ শৰীৰ আৰু জেনেটিক ভাৱে চাপৰ হোৱাৰ বাবে পৰিচিত।
যাৰ ফলত কাৰুম্বী নামৰ ছাগৰীটোৰ ভৰি দুখন ২১ ইঞ্চি (৫৩ চে.মি.)তকৈ বেছি দীঘল হ’ব নোৱাৰে। কাৰুম্বীৰ মালিক পিতাৰ লেনুৱে লগতে ইয়াকো প্ৰকাশ কৰ যে, কাৰুম্বী বৰ্তমান গৰ্ভৱতী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ