ৰাহু আৰু কেতু হৈছে ছায়া গ্ৰহ৷ এই দুই গ্ৰহ বৈদিক জ্যোতিষ অনুসৰি অশুভ৷ ৰাহু আৰু কেতুৰ প্ৰভাৱ সৰ্বদা বেয়াই হব তেনে নহয়৷ ২০২৬ চনত কোন কোন ৰাশিৰ জাতকৰ ওপৰত কেতুৰ প্রভাৱ থাকিব? কেনে যাব তেওঁলোকৰ নববৰ্ষ? ২০২৬ চনত কেতুৱে মঘা নক্ষত্ৰত বিচৰণ কৰিব৷ ২৯ মাৰ্চত কেতুৱে মঘা নক্ষত্ৰলৈ যাব আৰু তাৰপিছতেই ২৫ নৱেম্বৰত মঘা এৰি অশ্লেষালৈ যাব কেতু৷ ইয়াৰপাছতেই ৫ ডিচেম্বৰত কেতুৱে সিংহ ৰাশি এৰি কৰ্কট ৰাশিলৈ যাব৷ কেতুক যিহেতু চকুৰে দেখা নাযায় ই এক ছায়া গ্ৰহ৷ ইয়াৰ পাছতেই ৫ ডিচেম্বৰত কেতুৱে সিংহ ৰাশি এৰি কৰ্কট ৰাশিলৈ যাব৷ ইয়াৰ প্ৰভাৱ কোন কোন ৰাশিৰ জাতকৰ ওপৰত পৰিব?
সমুদ্ৰমন্থনৰ পাছত এক অসুৰে চুৰি মাৰি দেৱতাসকলৰ দলত সোমাই অমৃত খাই পেলাইছিল৷ বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সেই অসুৰৰ মূৰ আৰু শৰীৰ পৃথক কৰি দিয়ে৷ ডিঙিলৈকে অমৃত যোৱাৰ বাবে তেওঁৰ মূৰটোৰ মৃত্যু নহ’ল৷ সেই কটা মুণ্ডটোৱেই পৰিচিত ৰাহু নামেৰে৷ আৰু শৰীৰভাগ কেতু নামেৰে পৰিচিত৷ পুৰাণ অনুসৰি, কেতুৰ দুখন হাত৷ মূৰৰ মুকুট আৰু পিন্ধনত কলা পোছাক৷ এক হাতত গদা আৰু অন্যহাতত বৰমুদ্ৰা৷ কেতুৰ মহাদশা সাত বছৰ ধৰি চলে৷ কেতু জন্মছকত অশুভ স্থানত থাকিলে জাতকে বাৰে বাৰে অসুস্থ হৈ পৰে৷
আগন্তুক বছৰত কেতুৰ প্ৰভাৱ সকলোতকৈ বেছি থাকিব ৩ ৰাশিত
মেষ ৰাশি
কেতুৰ প্রভাৱত এই ৰাশিৰ জাতকে ব্যৱসায়ত ক্ষতিৰ মুখত পৰিব পাৰে৷ মানসিকভাৱেও অশান্তিত ভূগিব পাৰে৷ প্ৰেমৰ সম্পৰ্কত মনোমালিন্য হব পাৰে৷ ঝামেলাত নোসোমাবলৈ চেষ্টা কৰক৷ উপাৰ্জন মুঠৰ ওপৰত ভালেই হব৷ আয়ক লৈ কোনো সমস্যা নহয়৷
বৃষ ৰাশি
২০২৬ চনত কেতুৰ প্রভাৱ বৃষ ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ যি হিচাপ কৰি আগুৱাব তেওঁৰ সকলো ঠিকেই থাকিব৷ বিনিয়োগ কৰোতে সাৱধান হওক৷ প্ৰেম জীৱনত সমস্যা আহিব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ ওপৰত আগন্তুক বছৰত কেতুৰ প্রভাৱ থাকিব৷ অতীতত হোৱা জীৱনৰ সমস্যা আকৌ হব পাৰে৷ আইনী সমস্যাত সোমাই পৰিব পাৰে৷ ব্যৱসায়ত ক্ষতিৰ আশংকা৷ কৰোবাত বিনিয়োগ কৰাৰ পূৰ্বে সকলো দিশ ভালকৈ জানি লোৱা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















