জ্যোতিষশাস্ত্ৰত কেতুক ছায়া গ্ৰহ বুলি কোৱা হয়৷ আধ্যাত্মিকতা, কৰ্মফল, ৰহস্য আৰু মোক্ষৰ সৈতে এই গ্ৰহৰ গভীৰ যোগ আছে৷ আগন্তুক ২০ এপ্ৰিল ২০২৬ সোমবাৰে বিয়লি ৪ বাজি ৪৯ মিনিটত কেতুৱে মঘা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ উল্লেখযোগ্য বিষয় হৈছে মঘা নক্ষত্ৰৰ অধিপতিও কেতু নিজেই৷
ফলত নিজৰ নক্ষত্ৰত এই গোচৰ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰিছে জ্যোতিষীয়ে৷ তেওঁলোকৰ মতে এই পৰিবৰ্তনে চাৰিটা ৰাশিৰ জীৱনলৈ শুভ ফল কঢ়িয়াই আনিব পাৰে৷ সম্পদ বৃদ্ধি, কেৰিয়াৰত উন্নতি আৰু আধ্যাত্মিক চেতনাৰো উন্মেষ ঘটিব পাৰে৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত অনুকূল৷ কৰ্মক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে৷ পদোন্নতি বা নতুন চাকৰিৰ সম্ভাৱনা তৈয়াৰ হব৷ ব্যৱসায়ত প্ৰসাৰ ঘটিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ জীৱনত মানসিক শান্তি আৰু স্থিতিশীলতা উভতি আহিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ ভাগ্যও এই সময়ত উজ্জ্বল হব পাৰে৷ হঠাৎ বৃহৎ পৰিবৰ্তন আহিব পাৰে জীৱনত৷ গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তি সফল হব পাৰে৷ চাকৰিত বৃহৎ পৰিবৰ্তন বা উন্নতি সম্ভৱ৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ পুৰণি ঋণ শোধৰ সুযোগ আহিব৷ পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কত সুখ আৰু বুজাপৰা বাঢ়িব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ বাবে কেতুৰ গোচৰে সাফল্যৰ নতুন অধ্যায় আৰম্ভ কৰিব পাৰে৷ সমাজত সন্মান আৰু মৰ্যাদা বাঢ়িব৷ পুৰণি বিনিয়োগৰ পৰা বৃহৎ লাভ কৰিব৷ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে৷ বিশেষ কোনো বিষয়ত জ্ঞান বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আৰু আয়ৰ নতুন পথ খুলিব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে এই সময় শুভ৷ চাকৰি আৰু ব্যৱসায়ত বৃহৎ অগ্ৰগতি হব পাৰে৷ আৰ্থিক শক্তি বৃদ্ধি পাব আৰু আয়ৰ নতুন সুযোগ তৈয়াৰ হব৷ পৰিয়ালত সুখ শান্তি বাঢ়িব৷ আত্মবিশ্বাস আৰু মানসিক স্থিৰতা বাঢ়িব৷ স্বাস্থ্যৰো উন্নতি হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















