জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ২০২৬ চন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ কাৰণ জানুৱাৰী মাহৰ শেষৰ দিশত কেতু গ্ৰহই তাৰ ৰাশি পৰিবৰ্তন কৰিব৷ জ্যোতিষশাস্ত্ৰত কেতুক ৰহস্যময় শক্তিসম্পন্ন গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ যিয়ে জীৱনৰ ওপৰত আকস্মিক আৰু গভীৰ প্ৰভাৱ পেলাব৷ ২০২৬ চনৰ জানুৱাৰীত কেতুৰ অৱস্থানৰ এই পৰিবৰ্তনে কিছু ৰাশিৰ জাতকৰ বাবে ভাগ্যৰ নতুন দুৱাৰ খুলি দিব পাৰে৷ এই গোচৰে ৩ৰাশিৰ জীৱনলৈ উল্লেখযোগ্য ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ যাৰ মাজত আছে কেৰিয়াৰ, সম্পদ আৰু মানসিক স্থিতিশীলতা৷ জানি থওক কোন ৰাশিৰ জাতক এই পৰিবৰ্তনত উপকৃত হ’ব?
কেতু গোচৰ ২০২৬ৰ জ্যোতিষশাস্ত্ৰীয় তাৎপৰ্য
জ্যোতিষশাস্ত্ৰত কেতুক ছায়া গ্ৰহ বুলি কোৱা হয়৷ ইয়াৰ প্ৰভাৱত প্ৰায়েই অপ্ৰত্যাশিত আৰু এজন ব্যক্তিৰ জীৱনত গভীৰ পৰিবৰ্তন আহিব৷ দৃক পঞ্চাঙ্গ অনুসৰি ২৫ জানুৱাৰী ২০২৬ তাৰিখে কেতুৱে পূৰ্বফাল্গুনী নক্ষত্ৰৰ দ্বিতীয় পৰ্যায়ৰ পৰা প্ৰথম পৰ্যায়লৈ প্ৰৱেশ কৰিব৷ এই পৰ্যায়ত কেতুক তুলনামূলকভাৱে শুভ বুলি ধাৰণা কৰা হয়৷ যিয়ে ইতিবাচক ফলাফল বৃদ্ধি কৰিব৷ কেতুৰ এই গোচৰে ৩ৰাশিৰ জাতকক উপকৃত কৰিব৷
মেষ ৰাশি
কেতুৰ এই নক্ষত্ৰ পৰিবৰ্তনে মেষ ৰাশিৰ জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ কৰ্মক্ষেত্ৰত হঠাৎ পদোন্নতি বা নতুন দায়িত্বৰ ইংগিত আছে৷ ব্যৱসায় আৰু বিনিয়োগৰ সিদ্ধান্ত লাভজনক প্ৰমাণিত হ’ব পাৰে৷ ঘৰৰ পৰিবেশ ভাল হ’ব৷ মানসিক শান্তি আহিব৷ পঢ়াশুনা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফলৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিনৰ মতবিৰোধৰ সমাধান হ’ব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই গোচৰ আৰ্থিকভাৱে অনুকূল হব৷ হঠাৎ আৰ্থিক লাভ বা আয়ৰ নতুন উৎসৰ সম্ভাৱনা আছে৷ আপোনাৰ চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগ তৈয়াৰ হব পাৰে৷ পুৰণি বিনিয়োগসমূহে ভাল লাভ দিব পাৰে৷ মানসিক চাপ কমিব আৰু আপোনাৰ স্বাস্থ্যৰ উন্নতি হব৷ এই সময়ত আত্ম উন্নয়ন আৰু আধ্যাত্মিক বিকাশৰ বাবেও উপযুক্ত৷ শিল্প, লেখামেলা আৰু সৃজনশীল ক্ষেত্ৰত জড়িতসকলে বিশেষ স্বীকৃতি পাব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ ওপৰত কেতুৰ প্ৰভাৱত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হব পাৰে৷ হঠাৎ আৰ্থিক লাভৰো ইংগিত আছে৷ কৰ্মক্ষেত্ৰত গতি বৃদ্ধি পাব আৰু পুৰণি প্ৰকল্পসমূহে আৰু গতি পাব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা আৰু বুজাপৰা বৃদ্ধি পাব৷ ভ্ৰমণ বা নতুন যোগাযোগৰ মাধ্যমেৰে লাভজনক সুযোগ তৈয়াৰ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















