অসম লাইভ২৪ঃ বহু অপেক্ষা। খেলত পূৰ্বৰ দৰে শতক নাই প্ৰিয় খেলুৱৈৰ। এবছৰ দুবছৰ নহয় লেথাৰিকৈ ৩ বছৰে অনুষ্ঠিত টেষ্টত এটাও শতক অৰ্জন কৰিব পৰা নাছিল বিৰাট কোহলীয়ে। কিন্তু অপেক্ষাৰ অন্ত পৰিল। ৩ বছৰ ৪ মাহৰ পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টত ২৮ সংখ্যক টেষ্ট শতক অৰ্জন কৰিছে বিৰাট কোহলিয়ে।
২০১৯ চনৰ ২৩ নৱেম্বৰৰ পিছত অৰ্থাৎ ১২০৫ দিনৰ অন্তত কোহলীৰ এয়া প্ৰথম টেষ্ট শতক। বিগত বৰ্ষত কোহলিয়ে টি-২০ আৰু এদিনীয়া মেচত শতক অৰ্জন কৰিছিল। শেহতীয়াভাৱে দেওবাৰে আহমেদাবাদত অনুষ্ঠিত টেষ্টৰ চতুৰ্থ দিনটোত কোহলীয়ে টেষ্টত শতক অৰ্জন কৰি অনুৰাগীসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ