• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

2 years ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

3 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

3 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

3 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

4 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

4 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

5 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

7 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

8 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

9 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

9 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

11 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

editor by editor
May 13, 2024
in জীৱনশৈলী, ভাৰত, লেখা, শিক্ষা
0
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?
0
SHARES
9.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাভাৰতৰ যুদ্ধৰ পাছত ৩৬ বছৰ দ্বাৰকাত ৰাজত্ব কৰিছিল শ্ৰী কৃষ্ণই৷ তাৰপাছতেই দ্বাৰকাৰ পৰা ৫ কিঃমিঃ দূৰত গৈ বৈকুণ্ঠলৈ গমন কৰে শ্ৰী কৃষ্ণই৷ গান্ধাৰীৰ অভিশাপতেই তেতিয়া যদুবংশৰ ধ্বংস আৰম্ভ হৈছিল৷ যদুবংসৰ আত্মীয়সকলেই এজনে আনজনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল৷ মদ্যপানত মত্ত হৈ পৰস্পৰে পৰস্পৰক মাৰধৰ কৰাও আৰম্ভ কৰিছিল৷ নিজৰ আত্মীয়সকলৰ মাজত এনে দুৰ্দশা দেখি ক্ষুদ্ধ হৈ কৃষ্ণই সোমনাথৰ কাষত গৈ ভলকা তীৰ্থলৈ বিশ্ৰামৰ বাবে যায়৷

সেই সময়তে প্ৰভাছ নদৰী তীৰবৰ্তী অঞ্চন জনপ্ৰিয় হৈ পৰে৷ সেই স্থানতেই পদধূলা পৰিছিল শ্ৰীকৃষ্ণৰ৷ জৰা নামৰ এটা অসুৰে সেই স্থানতেই শ্ৰীকৃষ্ণক আক্ৰমণ চলাইছিল৷ সেই স্থানৰ পৰা আঁতৰি গৈ শ্ৰীকৃষ্ণই দেহত্যাগ কৰে৷ শ্ৰীকৃষ্ণৰ মৃত্যুৰ লগে লগেই শেষ হৈ যায় দ্বাৰকানগৰী৷ দ্বাৰকানগৰী তথা যদুবংশ ধ্বংস হোৱাৰ আঁৰত আছে ২টা অভিশাপ৷ সেই অভিশাপতেই দেহত্যাগ কৰে শ্ৰীকৃষ্ণইয়ো৷ কিন্তু ক’ত কেনেকৈ মোক্ষলাভ কৰে শ্ৰী কৃষ্ণই? কাৰ অভিশাপে তচনচ কৰি পেলাইছিল যদু বংশক?

কেনেকৈ মৃত্যু হৈছিল শ্ৰীকৃষ্ণৰ?

বৰ্তমানৰ সোমনাথ মন্দিৰৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰৈত আছে ভালকা তীৰ্থ৷ সেই স্থানতেই শ্ৰীকৃষ্ণই দেহত্যাগ কৰা বুলি প্ৰাচীন কেইবাখনো গ্ৰন্থত উল্লেখ আছে৷ কথিত আছে যে মদ্যপান, দুৰাচাৰত মত্ত যাদৱসকল ৰক্তপিপাসু হৈ উঠিছিল৷ আৰম্ভ কৰিছিল নৰসংহাৰ৷ যদুসকলৰ এই পৰিণতি দেখি ৰুষ্ট হৈ কৃষ্ণই সোমনাথ এৰি ৫ কিঃমিঃ দূৰৈত থকা ভলকা তীৰ্থৰ অশ্বত্থ গছৰ তলত থাকিবলৈ লয়৷ সোঁভৰিৰ ওপৰত বাওঁ ভৰি ৰাখি যোগাসনত বহে কৃষ্ণ৷ তাতেই জৰা নামৰ এটা অসুৰ সেই স্থানত উপস্থিত হয়৷ কৃষ্ণৰ ভৰিখনৰ হৰিণৰ মুখ ভাৱি তীৰ চলাই জৰাই৷ তীৰ মাৰি লাহে লাহে চিকাৰৰ কাষলৈ যায় জৰা৷ কিন্তু কাষত গৈ শ্ৰীকৃষ্ণক দেখা পায় লগে লগেই আঠুকাঢ়ি শ্ৰীকৃষ্ণক ক্ষমা খোজে জৰাই৷ তেতিয়াই শ্ৰীকৃষ্ণই জৰাক জনাই যে, তেওঁৰ নিজ ইচ্ছাতেই সকলো হৈছে৷

তাৰপাছতেই কৃষ্ণই জৰাক ক্ষমা কৰি দেহত্যাগ কৰে৷ যি স্থানত শ্ৰী কৃষ্ণক জৰাই তীৰ মাৰিছিল সেই স্থানকেই ভাল্লতীৰ্থ বা ভালকা তীৰ্থ নামেৰে নামকৰণ কৰা হয়৷ এই স্থানৰ পৰা কিছু দূৰতেই আছে ত্ৰিবেণী সংগম৷ ত্ৰিবেণী সংগমতেই শ্ৰীকৃষ্ণৰ দেহ দাহ কৰা হৈছিল৷ হিৰণ, কপিলা আৰু সৰস্বতীৰ মহাসংগমত দাহ কৰা হৈছিল শ্ৰীকৃষ্ণৰ শৰীৰ৷

কাৰ অভিশাপত ধ্বংস হৈছিল যদুবংশ?

যদু বংশৰ ধ্বংস আৰু কৃষ্ণৰ মৃত্যুৰ বাবে ২টা অভিশাপক দায়ী বুলি কোৱা হয়৷ মহাভাৰতৰ যুদ্ধত ১০০ পুত্ৰক হেৰুৱাই শ্ৰীকৃষ্ণক অভিশাপ দিছিল গান্ধাৰীয়ে৷ তেওঁ কৈছিল ৩৬ বছৰৰ পাছত যদুবংশত গৃহকন্দল আৰম্ভ হ’ব৷ আৰু এই কন্দলেই যদুবংশ শেষ কৰিব৷ গান্ধাৰীৰ অভিশাপতেই ৩৬ বছৰৰ পাছত এই গৃহকন্দল আৰম্ভ হৈছিল৷ নিজৰ মাজতেই খোৱা কামোৰা হৈ মৃত্যু হৈছিল যদুবংশৰ বহু লোকৰ৷ ভাগৱত পুৰাণ অনুসৰি কৃষ্ণৰ এজন পুত্ৰ ছাম্বাৰৰ মূৰত এটা দুষ্টবুদ্ধিয়ে ক্ৰিয়া কৰিছিল৷ তেওঁ এগৰাকী গৰ্ভৱতী মহিলাৰ বেশ ধৰি ঋষিসকলৰ সন্মুখত উপস্থিত হৈ তেওঁলোকক ঠাট্টা মস্কৰা কৰা আৰম্ভ কৰে৷ এই কামত ক্ষু্দ্ধ হৈ ঋষিমুনিসকলে ছাম্বাক অভিশাপ দিয়ে যে তেওঁ সন্তান নহয় লোহাৰ তীৰ হে প্ৰসৱ কৰিব৷ যিয়ে কুল আৰু সাম্ৰাজ্যকেই ধ্বংস কৰি দিব৷

ঋষিৰ অভিশাপ শুনি ছাম্বাই ভয় খায়৷ তাৰপাছতেই তেওঁ উগ্ৰসেনক সমস্ত ঘটনা বিৱৰি কয়৷ উগ্ৰসেনে তেতিয়া তেওঁক কয় যে লোহাৰ তীৰটোক গুড়ি কৰি সমুদ্ৰত উটোৱাই দিব৷ ইয়াৰ পাছত তেওঁ অভিশাপৰ পৰা মুক্ত হ’ব৷ উগ্ৰসেনৰ কথামতেই ছাম্বাই তীৰটো চূৰ্ণ বিচূৰ্ণ কৰি নদীত উটোৱাই দিয়ে৷ ইয়াৰপাছতেই উগ্ৰসেনে ঘোষণা কৰে যে যাদৱ ৰাজ্যত মাদক উৎপাদন আৰু সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব৷

উগ্ৰসেনৰ এই ঘোষণাৰ পাছতেই অশনি সংকেতে দেখা দিয়ে দ্বাৰকাবাসীৰ মাজত৷ ইয়াৰ মাজতেই কৃষ্ণৰ সুদৰ্শন চক্ৰ, শংখ, ৰথ আৰু বলৰামৰ নাঙল অদৃশ্য হৈ পৰে৷ দ্বাৰকাত অপৰাধ আৰু পাপ বৃদ্ধি পাব ধৰে৷ তাকে দেখি কৃষ্ণ মানসিকভাৱে ভাঙি পৰে৷ সেয়ে আঁতৰি যৈ প্ৰভাছ নদীৰ তীৰত বহি পাপ প্ৰায়শ্চিত কৰাত নিজকে মনোনিৱেশ কৰে৷ শ্ৰীকৃষ্ণই এই স্থানতেই দেহত্যাগো কৰে৷ দেহত্যাগৰ সময়ত শ্ৰীকৃষ্ণৰ বয়স হৈছিল ১২৫ বছৰ৷ প্ৰচলিত কাহিনী অনুসৰি কৃষ্ণৰ ভৰিত যি তীৰে আঘাত কৰিছিল সেই তীৰ আছিল ছাম্বাৰ গৰ্ভৰ পৰা উৎপন্ন লোহাৰ তীৰপাতেই৷ এনেকৈ গান্ধাৰীৰ অভিশাপত শেষ হৈ গৈছিল এসময়ত দপদপাই থকা যদুবংশ৷ শ্ৰীকৃষ্ণৰ মৃত্যুৰ পাছতেই দ্বাৰকানগৰীও সমুদ্ৰতলিত ডুব  যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?
জীৱনশৈলী

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

June 30, 2026
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম
জীৱনশৈলী

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
Next Post
নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?

নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?

দৈনিক ৰাশিফল – এই কেইটা ৰাশিৰ লোকৰ ওপৰত থাকিব মা লক্ষ্মীৰ হাত, আজিৰ দিনটোত যাত্ৰা বাৰণ কৰক

দৈনিক ৰাশিফল - এই কেইটা ৰাশিৰ লোকৰ ওপৰত থাকিব মা লক্ষ্মীৰ হাত, আজিৰ দিনটোত যাত্ৰা বাৰণ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.