ছবিগৃহত চলি আছে কল্কি৷ অমিতাভ বচ্চন, প্ৰভাছ, দীপিকা পাডুকনৰ বহু চৰ্চিত ছবি কল্কিক লৈ এতিয়া দেশজুৰি উত্তেজনা৷ প্ৰায়সংখ্যকেই ছবিৰ কাহিনী ভাল বুলি প্ৰশংসা কৰিছে৷ কল্কিৰ টিজাৰ ৰিলিজৰ পাছৰে পৰাই চৰ্চাত আছে ছবিখন৷ টিজাৰত দেখুওৱা পুৰণি মন্দিৰত শিৱলিংগৰ পুজা কৰা দেখা গৈছে অমিতাভ বচ্চনক৷ তাতেই এটি শিশুয়ে তেওঁক পৰিচয় সোধে৷ তেতিয়াই বিগ বিয়ে তেওঁৰ নাম অশ্বত্থামা, দ্বাপৰ যুগৰ পৰা আহিছো বুলি উত্তৰ দিয়ে৷ যুগ যুগ ধৰি তেওঁ মৰ্ত্যত আছে বুলিও জনায়৷
আমি প্ৰত্যেকেই অশ্বত্থামাৰ নাম শুনিছো৷ কিন্তু বহুতেই নাজানো যে দ্বাপৰ যুগৰ অশ্বত্থামা কিয় কলিযুগতো জীয়াই আছে৷ আমাৰ চৌপাশে বিচৰণ কৰি আছে৷ কল্কি চিনেমা চলি থকাৰ সময়তেই জানি থওক অভিশপ্ত বীৰ যোদ্ধা অভিশাপৰ কাৰণে কেনেকৈ কলি যোগত জীয়াই আছে?
কোন এই অশ্বত্থামা?
পুৰাণ অনুসৰি অশ্বত্থামা দ্ৰোণাচাৰ্যৰ পুত্ৰ৷ ঋষি কৃপাচাৰ্যৰ ভনীয়েক কৃপিৰ সৈতে ঋষি দ্ৰোণাচাৰ্যৰ বিবাহ হৈছিল৷ সময় বাগৰিল৷ লাহে লাহে দুয়োৰে কোলালৈ কিন্তু সন্তান নাহিল৷ এই সময়ত দ্ৰোণাচাৰ্য আৰু কৃপিয়ে শিৱৰ কঠোৰ তপস্যা কৰিছিল৷ শিৱই সুখী হৈ দুয়োকে এটি পুত্ৰ সন্তান লাভৰ আশীৰ্বাদ দিয়ে৷ কৃপিৰ কোলা শুৱনি কৰি আহে এটি পুত্ৰ সন্তান৷ জন্মৰ পাছতেই ঘোঁৰাৰ মাতৰ দৰে স্বৰেৰে কান্দিবলৈ ধৰে শিশুটিয়ে৷ তেতিয়াই শিশুটিৰ নাম ৰখা হয় অশ্বত্থামা৷ শিৱৰ ভক্ত আছিল দ্ৰোণচাৰ্যৰ সেই পুত্ৰও৷
অমৰত্বৰ আশীৰ্বাদ দিয়ে শিৱই
শাস্ত্ৰ অনুসৰি শিৱই অশ্বত্থামাক অমৰত্বৰ আশীৰ্বাদ দিছিল৷ কেৱল সেয়াই নহয় জন্মৰ সময়ৰ পৰা তেওঁৰ ললাটত এক মণি আছিল৷ সেই মণিৰ কাৰণেই অশ্বত্থামাৰ কেতিয়াও পিয়াহ আৰু ভোক লগা নাছিল৷ মহাভাৰতৰ মহাকাব্য অনুসৰি প্ৰচণ্ড শক্তিশালী যোদ্ধা আছিল অশ্বত্থামা৷ তেওঁক পৰাস্ত কৰোৱাটো সেয়ে অতি কঠোৰ কাম আছিল৷
অভিশাপৰ কাৰণেই বিদ্যাও অসম্পূৰ্ণ হয়
কৌৰৱ আৰু পাণ্ডৱৰ গুৰু আছিল দ্ৰোণাচাৰ্য৷ তেওঁলোকৰ সৈতে শিক্ষা গ্ৰহণ কৰিছিল অশ্বত্থামাইয়ো৷ ক্ৰমশ কৌৰৱৰ ঘনিষ্ঠ হৈ পাণ্ডৱৰ বিৰুদ্ধে নানান ষড়যন্ত্ৰত অংশগ্ৰহণ কৰিছিল ঋষিপুত্ৰই৷ কিন্তু পুত্ৰ মোহৰ কাৰণে দ্ৰোণাচাৰ্যই সকলো দেখিও মনে মনে আছিল৷ আনকি অৰ্জুনৰ ওপৰিও অশ্বত্থামাকো ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ শিক্ষা দিছিল৷ অৰ্জুনে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ সম্পূৰ্ণ নিয়ম শিকি ল’লেও অশ্বত্থামাই কেৱল ব্ৰ হ্মাস্ত্ৰৰ আবাহন আৰু ক্ষেপণৰ নিয়মহে শিকে৷ কিন্তু এই অস্ত্ৰক প্রশমিত কৰা আৰু ওভতাই অনাৰ নিয়ম কৌশল তেওঁ শিকিব নোৱাৰিলে৷ অৱশেষত অশ্বত্থামাৰ অসম্পূৰ্ণ জ্ঞানেই তেওঁৰ অভিশাপৰো কাৰণ হৈ উঠিল৷
মহাভাৰতৰ যুদ্ধত দ্ৰোণাচাৰ্যক হত্যা কৰিছিল পাঞ্চাল ৰাজকুমাৰ ধৃষ্টদ্যুম্নই৷ পাণ্ডৱৰ ছালনাৰ বিষয় জনাৰ পাছত পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’ব খোজে অশ্বত্থামাই৷ মহাভাৰতৰ যুদ্ধৰ শেষৰ দিশৰ কৌৰৱ পক্ষৰ সেনাপতি হয় তেওঁ৷ ইফালে দুৰ্যোধনে বধ কৰিছিল ভীষ্মক৷ মৃত্যুপথযাত্ৰী বন্ধু দুৰ্যোধনক অশ্বত্থামাই কথা দিয়ে যে পঞ্চপাণ্ডৱৰ বংশ নিৰ্মূল কৰি তেওঁ আৰু পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’ব৷
নিয়ম অনুসৰি সূৰ্যাস্তৰ পাছত যুদ্ধ বিৰতি ঘোষিত হোৱা সত্ত্বেও অশ্বত্থামাই এই নিয়মভংগ কৰে৷ পঞ্চপাণ্ডৱক হত্যা কৰাৰ উদ্দ্যেশ্যে পাণ্ডৱৰ শিবিৰত অশ্বত্থামা সোমাই পৰে৷ সেই শিৱিৰতেই পঞ্চপাণ্ডৱৰ পাঁচ পুত্ৰক টোপনিৰ মাজতেই হত্যা কৰে অশ্বত্থামাই৷ পাছত পঞ্চপাণ্ডৱে জানিব পাৰে যে এই হত্যাকাণ্ডৰ পিছত অশ্বত্থামাৰ হাত আছে৷ ইয়াৰ পাছতেই অশ্বত্থামাৰ মুখামুখি হয় অৰ্জুন আৰু অন্যান্য ভাতৃসকল৷ তাতেই অশ্বত্থামাই জানিব পাৰে যে উত্তৰাৰ গৰ্ভত অভিমন্যুৰ সন্তান আছে৷ পাণ্ডৱৰ বংশক নিৰ্মূল কৰি দিয়াৰ উদ্দেশ্যে অশ্বত্থামা উত্তৰাৰ গৰ্ভৰ সন্তানক নষ্ট কৰিবৰ বাবে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰে৷ অশ্বত্থামাক ৰখাবলৈ অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰে৷ কিন্তু কৃষ্ণৰ মধ্যস্থতাত অৰ্জুনে সেই ব্ৰহ্মাস্ত্ৰ ওভতাই লয়৷ তাৰপিছতেই অশ্বত্থামাই নিজৰ অৰ্ধ বিদ্যাৰ বাবে সেই ব্ৰহ্মাস্ত্ৰ ঘূৰাই ল’ব নোৱাৰিলে৷ অৱশেষত অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰই উত্তৰাৰ গৰ্ভৰ সন্তান নষ্ট কৰি পেলাই৷
এই কাম কৰাৰ পাছতেই শেষত ক্ৰোধবশত কৃষ্ণই অশ্বত্থামাৰ মূৰৰ মণি কাঢ়ি লৈ সৃষ্টিৰ অন্তকাল পৰ্যন্ত জীৱিক থাকি কষ্ট ভোগ কৰাৰ অভিশাপ দিয়ে৷ যাৰফলত আজিও অশ্বত্থামা মৰ্ত্যত আছে৷ উল্লেখ্য যে অশ্বত্থামা অষ্ট চিৰঞ্জীৱীৰ মাজত অন্যতম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ