কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰয়ে শুকুৰবাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি ন্যায়াধীশৰ সন্মুখত আৱেগিক হৈ পৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সঞ্জয় ৰায়ক কলকাতাৰ আদালতত হাজিৰ কৰি গোচৰটোৰ অভিযুক্ত আৰু সন্দেহযুক্ত লোকৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি বিচাৰিছিল। আজি সঞ্জয়কে ধৰি ৭ব্যক্তিৰ কৰা হ’ব পলিগ্ৰাফ টেষ্ট৷
ইফালে পলিগ্ৰাফ টেষ্টৰ পূৰ্বে সঞ্জয় ৰায়ে আদালতত কয় যে তেওঁ নিৰ্দোষী৷ তেওঁক অপৰাধী সজোৱা হৈছে৷ পলিগ্ৰাফ টেষ্ট কৰিলে ভালেই হ’ব সঁচা কথা ওলাই পৰিব৷ আদালতে সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্ট কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ উপৰিও সঞ্জয়ক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷
আদালতে এই গোচৰৰ সৈতে জড়িত আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু আন পাঁচ ব্যক্তিৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি প্ৰদান কৰে। এই পাঁচব্যক্তিৰ ভিতৰত ঘটনা সংঘটিত হোৱা নিশা মৃত চিকিৎসকৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰা চাৰিজন চিকিৎসক আৰু ৰয়ো আছে।
কলকাতাৰ চিকিৎসক ধৰ্ষণ-হত্যাৰ গোচৰ
৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ চেমিনাৰ হলৰ ভিতৰত ধৰ্ষণ কৰি হত্যা কৰিছিল তৰুণী এগৰাকী চিকিৎসকক৷ হাস্পতালৰ তৃতীয় মহলাৰ চেমিনাৰ হলত গভীৰ নিশা সংঘটিত হয় এই অপৰাধ আৰু আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ শৰীৰত একাধিক আঘাতৰ চিহ্নও পোৱা গৈছে৷
এই অপৰাধৰ এদিন পিছতে গ্ৰেপ্তাৰ কৰা হয় সঞ্জয় ৰায়ক। অপৰাধৰ আনুমানিক সময়ৰ আশে-পাশে তেওঁক অট্টালিকাটোত প্ৰৱেশ কৰা দেখা গৈছিল, আৰু অপৰাধস্থলীৰ ওচৰতে তেওঁৰ ব্লুটুথ হেডফোন উদ্ধাৰ কৰা হৈছিল। সঞ্জয় ৰয়ৰ মোবাইল ফোনত কেইবাটাও পৰ্ণগ্ৰাফিৰ ক্লিপ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।
এই অপৰাধৰ ফলত ব্যাপক ক্ষোভৰ সৃষ্টি হোৱাৰ ওপৰিও দেশজুৰি প্ৰতিবাদ চলিছে৷ সমগ্ৰ ভাৰতৰ প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়ত এই ঘটনাৰ প্ৰতিবাদ চলি আছে৷ উচ্চতম ন্যায়ালয়ে আৱেদন জনোৱাৰ পাছতহে বিগত বৃহস্পতিবাৰৰ পৰা কামলৈ উভতিছে চিকিৎসকসকল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















