চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক
দক্ষিণ চিনেমা উদ্যোগৰ প্ৰবীণ অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। এই খবৰে মনোৰঞ্জন জগতত শোকৰ ছাঁ পেলাইছে। প্ৰয়াত অভিনেতাগৰাকীৰ অনুৰাগী, ঘনিষ্ঠ আৰু প্ৰবীণ তাৰকাসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতৰ বাসগৃহত উপস্থিত হৈছে।

কোটা শ্ৰীনিবাস ৰাও আছিল তেলেগু চিনেমাৰ এগৰাকী প্ৰবীণ অভিনেতা আৰু বহুমুখী প্ৰতিভাৰ ব্যক্তি আছিল। কেৱল এয়াই নহয়, অভিনেতাগৰাকী কেৱল অভিনয়ৰ জগতখনতেই নহয় ৰাজনীতিৰ ক্ষেত্ৰতো ডাঙৰ নাম আছিল। আজি ১৩ জুলাই তাৰিখে কোটা শ্ৰীনিবাস ৰাৱে ৮৩ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় লয়।
দক্ষিণৰ বহু তাৰকাৰ লগতে প্ৰবীণ অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ বাসগৃহত উপস্থিত ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















