আজি জন্মাষ্টমীত শ্ৰীকৃষ্ণক পূজা কৰাৰ বাবে আটাইতকৈ শুভ সময় কি? ইয়াৰ গুৰুত্ব কিমান?
২০২৪ চনৰ ২৬ আগষ্ট আজি সোমবাৰ উদযাপন কৰা হ’ব জন্মাষ্টমী উৎসৱ। আজিৰ দিনটোত নিশা ১২ বজাৰ পৰা ১২:৪৪ বজালৈ সময় ভগৱান শ্ৰীকৃষ্ণৰ পূজাৰ বাবে শুভ হব। এনে পৰিস্থিতিত ভক্তসকলে পূজাৰ বাবে ৪৪ মিনিট সময় পাব।
এইবাৰ জয়ন্তী যোগত জন্মাষ্টমী উৎসৱ পালন কৰা হ’ব। এইবাৰ জন্মাষ্টমীৰ দিনা দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত যি যোগ আৰু শুভ সময় আছিল ঠিক সেই একেই যোগাসন আৰু শুভ সময় থাকিব। ইয়াক জ্যোতিষত জয়ন্তী যোগ বুলি কোৱা হয়।
জন্মাষ্টমীত শ্ৰীকৃষ্ণক পূজা কৰি থাকোঁতে তেওঁৰ প্ৰিয় বস্তু আগবঢ়াব পাৰে। পঞ্চমৃত -গাখীৰ, দৈ, ঘিউ, মৌ, চেনি, ইয়াৰ উপৰি ধনীয়াৰ পঞ্জিৰী, শসা, মখানা খিৰ, ঘিউ-মিশ্ৰী আদিও কৃষ্ণক দিয়া হয়।
জন্মাষ্টমীৰ দিনা কানহাক ধনীয়া পঞ্জিৰী আগবঢ়োৱা হয়। পিছত ইয়াক প্ৰসাদৰ ৰূপত ৰাইজৰ মাজত বিতৰণ কৰা হয়। এই পঞ্জিৰী খাইয়ো মানুহে ব্ৰত ভাঙিব পাৰে।
আজি কানহাৰ জন্ম বাৰ্ষিকীৰ বাবে ঘৰলৈ কেইবিধমান বিশেষ সামগ্ৰী লৈ আহিব পাৰে – লাড্ডু গোপালৰ বাবে নতুন কাপোৰ, তেওঁৰ প্ৰসাধনৰ সামগ্ৰী, নতুন বাঁহী, ফলমূল, ফুল, প্ৰসাদৰ সামগ্ৰী ইত্যাদি।
তিথি চাবলৈ গ’লে আজিৰ জন্মাষ্টমী তিথি ২৬ আগষ্ট, ২০২৪ তাৰিখে পুৱা ০৩:৩৯ বজাত কৃষ্ণ জন্মাষ্টমীত অষ্টমী তিথি আৰম্ভ হ’ব। অষ্টমী তিথিৰ অন্ত পৰিব ২৭ আগষ্ট, ২০২৪ তাৰিখে নিশা ০২:১৯ বজাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ