উত্তৰাখণ্ডক দেৱভূমি বুলি কোৱা হয়। ইয়াৰ পাৰ্বত্যভূমিতেই দেৱতাসকলে বাস কৰে বুলি বিশ্বাস। পাহাৰীয়া এই ৰাজ্যত আছে বহু মন্দিৰ আৰু সেই মন্দিৰসমূহৰ সৈতে জড়িত হৈ আছে নানান কাহিনী। এই সকলো মন্দিৰতেই বছৰি লাখ লাখ ভক্ত আহে। এই সকলোবোৰ মন্দিৰৰ ভিতৰত এটা হৈছে উত্তৰাখণ্ডৰ চামোলি জিলাৰ পাণ্ডকেশ্বৰ গাওঁত থকা কুবেৰ মন্দিৰ। এই মন্দিৰৰ সৈতে বিশেষ সংযোগ আছে এই স্থানৰ পৰা ১৮ কিঃমিঃ দূৰত অৱস্থিত বদ্ৰীনাথ ধামৰ।
বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ হ’লেই পাণ্ডকেশ্বৰৰ এই মন্দিৰতেই আছে কুবেৰৰ মূৰ্তি। প্ৰচলিত কাহিনী অনুসৰি সম্পদৰ দেৱতা কুবেৰৰ পৰা এবাৰ ধাৰ লৈছিল বিষ্ণুৱে। কিন্তু সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে বিষ্ণুৱে। সেয়ে প্ৰতি বছৰে কুবেৰ দেৱে শ্ৰীবিষ্ণুৰ পৰা ধন উদ্ধাৰ কৰিবলৈ পঞ্চায়ত বহুৱাই।
প্রচলিত কাহিনি
স্থানীয় বাসিন্দাসকলৰ মুখে মুখে প্ৰচলিত কাহিনী অনুসৰি এবাৰ শ্ৰী বিষ্ণুৰ বিশেষ এটি কামৰ বাবে সম্পদৰ প্ৰয়োজন হৈছিল। সেয়ে কুবেৰৰ পৰা সেই সম্পদ তেওঁ ঋণ লৈছিল। ঋণ লৈ দিনৰ পাছত দিন বাগৰিল। কিন্তু বিষ্ণুৱে সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে। কুবেৰে তেতিয়া বুজিব পাৰিলে যে বিষ্ণুয়ে তেওঁৰ সম্পদ উভতাই নিদিয়ে। তেতিয়াই কুবেৰে সিদ্ধান্ত লয় যে, গ্ৰীষ্মকালত বদ্ৰী বিশালৰ মন্দিৰ খোলা হ’ব বিষ্ণুৱে ধাৰ লোৱা সম্পদ বদ্ৰী বিশালৰ পৰাই উভতাই ল’ব। সেয়ে প্ৰতিবছৰে কুবেৰৰ মূৰ্তি বদ্ৰীনাথ ধামলৈ অনা হয়। বদ্ৰী বিশালৰ সমান্তৰালকৈ কুবেৰ দেৱতাৰো তেতিয়াৰে পৰা পূজা হয়।
উল্লেখ্য় যে কুবেৰ হৈছে দেৱতাসকলৰ কোষাধ্য়ক্ষ। তেওঁ অলকা নগৰীৰ ৰজা। তেওঁক যক্ষসকলৰ ৰজা বুলি কোৱা হয়। ত্ৰিপুৰা বালাজি বা শ্ৰীভেঙ্কটেশ্বৰৰ বিয়াতো তেওঁ অৰ্থ দান কৰিছিল বুলিও কাহিনী প্ৰচলিত আছে। সেয়ে কুবেৰক নৱৰত্নৰ অধীশ্বৰো কোৱা হয়।
কুবেৰক সন্তুষ্ট কৰাৰ উপায়
নিয়মিত কুবেৰৰ মন্ত্ৰোচ্চাৰণ কৰিলে কুবেৰৰ আশীৰ্বাদ লাভ কৰে। কুবেৰৰ আশীৰ্বাদ লাভ কৰিলে ঘৰত যি সমূহ অভাৱ অনাটন থাকে দূৰ হয়। গণেশৰ মূৰ্তি, নাৰিকল, শংখ. মা লক্ষ্মীৰ ছবি আৰু বাহীঁ ঘৰত ৰখাটো শুভ। আপোনাৰ ঘৰত এইসমূহ সামগ্ৰী ৰাখিলে কুবেৰৰ আশীৰ্বাদ লাভ কৰিবই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ