• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

3 weeks ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

13 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

14 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

14 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

15 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

16 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

16 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

17 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

17 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

18 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

18 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

19 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

ইংলেণ্ডত উজলিছে কুলদ্বীপ যাদৱ

editor by editor
September 10, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
0
SHARES
532
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইংলেণ্ডৰ কাউণ্টি চেম্পিয়নশ্বিপত নিজৰ বলিঙৰ যাদু দেখুৱালে ভাৰতীয় তাৰকা স্পিনাৰ কুলদ্বীপ যাদৱে। হেডিংলিত অনুষ্ঠিত ডিভিজন ৱানৰ মেচখনত কুলদ্বীপৰ দুৰ্দান্ত বলিঙৰ সন্মুখত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰে এচেক্স। মাত্ৰ তিনিদিনতে ইয়ৰ্কশ্বায়াৰে এচেক্সক এটা ইনিংছ আৰু ১০৬ ৰানত পৰাস্ত কৰে। এই মেচখন কুলদ্বীপ যাদৱৰ বাবে বিশেষ হৈ পৰিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এখন মেচত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে চাইনামেন স্পীনাৰজনে। দুয়োটা ইনিংছ মিলাই কুলদ্বীপে মুঠ ১২০ ৰান খৰচ কৰি ১০টা উইকেট দখল কৰে। এয়া তেওঁৰ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ সৰ্বোত্তম বলিং প্ৰদৰ্শন।

মেচখনত প্ৰথমে বেটিং কৰি ইয়ৰ্কশ্বায়াৰে ৩৯০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত বল হাতত লৈ এচেক্সৰ বেটিং লাইনআপত খহনীয়া সৃষ্টি কৰে ইয়ৰ্কশ্বায়াৰৰ বলাৰসকলে। এচেক্সৰ প্ৰথম ইনিংছ মাত্ৰ ১৭১ ৰানতে সমাপ্ত হয়। ইয়ৰ্কশ্বায়াৰৰ বেগী বলাৰ জৰ্জ হিলে ১২ ৰানত ৩টা উইকেট দখল কৰে। আনহাতে কুলদ্বীপ যাদৱে ২০ অভাৰত ৭০ ৰান দি ৪টা উইকেট দখল কৰে। প্ৰথম ইনিংছত বৃহৎ অগ্ৰগতি লাভ কৰাৰ পিছত ইয়ৰ্কশ্বায়াৰে এচেক্সক ফ’ল’অ’ন কৰিবলৈ বাধ্য কৰে।

ফ’ল’অ’নৰ সন্মুখীন হোৱা এচেক্সৰ দ্বিতীয় ইনিংছৰ আৰম্ভণিও ভাল নহ’ল। জৰ্জ হিলে প্ৰথম ৯ অভাৰৰ ভিতৰতে ডিন এলগাৰ আৰু টম ৱেষ্টলীক পেভিলিয়নলৈ পঠিয়াই দিয়ে। ইয়াৰ পিছত বল হাতত লৈ কুলদ্বীপ যাদৱে আৰম্ভ কৰে স্পিনৰ যাদু। লান্সৰ ঠিক পূৰ্বে তেওঁ চাৰ্লি এলিছন আৰু মেট ক্ৰিচলীক আউট কৰে। হেট্ৰিকৰ সুযোগ সৃষ্টি হৈছিল যদিও সেয়া সম্পূৰ্ণ কৰিব নোৱাৰিলে কুলদ্বীপ। অৱশ্যে তাৰ পিছত কুলদ্বীপে থমকি ৰ’বলগীয়া নহ’ল। প্ৰথম শ্লীপত লুক বেংকেনষ্টেইনৰ কেচৰ জৰিয়তে আন এটা উইকেট লাভ কৰাৰ পিছত কুলদ্বীপ জৰ্জ বেল, জামান আখতাৰ আৰু ছেম কুককো আউট কৰে। এইদৰে দ্বিতীয় ইনিংছত কুলদ্বীপে ৬টা উইকেট দখল কৰি মেচখনত মুঠ ১০টা উইকেট সম্পূৰ্ণ কৰে।

এচেক্সৰ বিৰুদ্ধে এই বৃহৎ জয়ৰ ফলত ইয়ৰ্কশ্বায়াৰে ২২ পইণ্ট লাভ কৰিছে। ১২খন মেচত দলটোৰ এয়া চতুৰ্থ জয়। এই জয়ে ইয়ৰ্কশ্বায়াৰক পইণ্ট তালিকাৰ তলৰ চাৰিটা দলৰ পৰা যথেষ্ট সুৰক্ষিত অৱস্থাত ৰাখিছে। ফলত অহা ছিজনত কাউণ্টি চেম্পিয়নশ্বিপৰ ডিভিজন ৱানত ইয়ৰ্কশ্বায়াৰৰ স্থান প্ৰায় নিশ্চিত হোৱা বুলি ক’ব পাৰি। আনহাতে, এচেক্সৰ বাবে পৰিস্থিতি অধিক চিন্তাজনক হৈ পৰিছে। চলিত ছিজনত এয়া দলটোৰ ষষ্ঠ পৰাজয়। ফলত ৰেলিগেশ্যনৰ আশংকা অধিক বৃদ্ধি পাইছে। ইফালে, অহা সপ্তাহত হেডিংলিত ইয়ৰ্কশ্বায়াৰে খিতাপৰ অন্যতম দাবীদাৰ ছামাৰচেটৰ বিৰুদ্ধে খেলিব। সেই মেচখনতো কুলদ্বীপ যাদৱৰ স্পিন বলিং দলটোৰ বাবে অন্যতম ডাঙৰ অস্ত্ৰ হিচাপে পৰিগণিত হ’ব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricketkuldeep yadav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ
বিনোদন

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

October 1, 2026
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল
বিবিধ

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

October 1, 2026
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত
বিনোদন

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

October 1, 2026
Next Post
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.